এৰাবাৰীলৈ পৰিণত গহপুৰৰ ৫০বিঘা ভূমিৰ প্ৰতিষ্ঠান

অসম চৰকাৰৰ পঞ্চায়ত ও গ্ৰামোন্নয়ন বিভাগ তথা গহপুৰ সমষ্টিৰ জনপ্ৰতিনিধিৰ গুৰুত্বহীনতাৰ বাবেই গহপুৰৰ বহু যুৱক-যুৱতী, পুৰুষ-মহিলাক কৰ্ম সংস্থাপনৰ পথ দেখুওৱা এক প্ৰতিষ্ঠান বৰ্তমান ধ্বংসৰ গৰাহলৈ গতি কৰিলে।

author-image
Asomiya Pratidin
New Update
3

ডিজিটেল সংবাদ,গহপুৰঃ  অসম চৰকাৰৰ পঞ্চায়ত ও গ্ৰামোন্নয়ন বিভাগ তথা গহপুৰ সমষ্টিৰ জনপ্ৰতিনিধিৰ গুৰুত্বহীনতাৰ বাবেই গহপুৰৰ বহু যুৱক-যুৱতী, পুৰুষ-মহিলাক কৰ্ম সংস্থাপনৰ পথ দেখুওৱা এক প্ৰতিষ্ঠান বৰ্তমান ধ্বংসৰ গৰাহলৈ গতি কৰিলে। অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি, ৰাজ্য সভাৰ প্ৰাক্তন সাংসদ তথা প্ৰাক্তন মন্ত্ৰী ৰিপুন বৰা গহপুৰ বিধান সভা সমষ্টিৰ বিধায়ক আৰু অসম চৰকাৰৰ পঞ্চায়ত ও গ্ৰামোন্নয় মন্ত্ৰী হৈ থকা অৱস্থাতে গহপুৰ মহকুমাৰ ব্ৰহ্মাজান আৰু বৰঙাবাৰীৰ মধ্যস্থল খাটৰবাৰীত স্থাপন কৰা হৈছিল অসম ৰাজ্যিক গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ Growth Centre for Economic Empowerment of Rural People নামৰ এক প্ৰতিষ্ঠান। 

WhatsApp Image 2026-03-01 at 2.22.39 PM (1)

উল্লেখ্য যে, ৫০বিঘাৰো অধিক ভূমিক সামৰি স্থাপন কৰা প্ৰতিষ্ঠানটোত মাছৰ পোনা উৎপাদন, কেইবাটাও বৃহৎ বৃহৎ পুখুৰী খান্দি মৎস্য পালনৰ ব্যৱস্থা, বৃহৎ পৰিসৰত হাঁহ কুকুৰাৰ পোৱালী উৎপাদনৰ ব্যৱস্থা, গো-পালন, গাহৰি পালনকে ধৰি বিভিন্ন সুবিধা সংযোজিত আছিল। ইয়াৰ উপৰিও যুৱক-যুৱতী, পুৰুষ-মহিলা, আত্মসহায়ক গোটৰ সদস্যসকলক হস্ত তাঁত বস্ত্ৰ শিল্পকে ধৰি বিভিন্ন বিষয়ৰ প্ৰশিক্ষন প্ৰদানেৰে আত্মনিৰ্ভৰশীলতাৰ পথ দেখোৱাৰো সু-ব্যৱস্থা উপলব্ধ আছিল। ইপিনে পঞ্চায়ত প্ৰতিনিধি সকলক প্ৰশিক্ষন প্ৰদানৰো সুবিধা আছিল। 

WhatsApp Image 2026-03-01 at 2.22.39 PM

সেই সময়ত শতাধিক নিৱনুৱা যুৱক-যুৱতী,পুৰুষ-মহিলাই উক্ত প্ৰতিষ্ঠানটোৰ লগত জড়িত হৈ কৰ্ম সংস্থাপনৰ বাট বুলিবলৈ সক্ষম হৈছিল যদিও গহপুৰ সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ চুড়ান্ত হেমাহিৰ ফলত প্ৰতিষ্ঠানটো ১০/১২ বছৰ মান কাৰ্যক্ষম হৈ থকাৰ পাছত একেবাৰেই বিকল হৈ পৰিল। যাৰ ফলত প্ৰতিষ্ঠানটোৰ কাৰ্যালয় গৃহ,যুৱক যুৱতী পুৰুষ মহিলা সকলক বিভিন্ন প্ৰশিক্ষন প্ৰদানৰ শ্ৰেণী কোঠা,মাছৰ পোনা উৎপাদনৰ ব্যৱস্থা,হাঁহ কুকুৰাৰ পোৱালী উৎপাদনৰ বৃহৎ পৰিসৰৰ কক্ষ,গো-পালন, গাহৰি পালনৰ পকী গৃহ, অতিথিশালা আদি হাবি জংঘলেৰে ঢাক খাই ভূত বাংলালৈ পৰিণত হৈ পৰিল। 

প্ৰতিষ্ঠানটোৰ পুখুৰী কেইটাত স্থানীয় চাৰিগৰাকী শিক্ষিত নিৱনুৱা যুৱকে মীন পালন কৰি আছে যদিও প্ৰতিষ্ঠান আৱাস গৃহ সমূহ জৰাজীৰ্ণ অৱস্থালৈ গতি কৰাৰ লগতে বহু যন্ত্ৰাংশ ধ্বংসৰ গৰাহলৈ গতি কৰিলে। ৫০বিঘাত কৈ অধিক ভূমিত থকা প্ৰতিষ্ঠানটোত বৰ্তমানৰ চৰকাৰ খনে যিকোনো প্ৰকল্প স্থাপনৰ ব্যৱস্থা কৰিলে গহপুৰৰ বহু নিৱনুৱাই  কৰ্মসংস্থাপন পথ দেখিবলৈ সক্ষম হ'ল হয়। এই ক্ষেত্ৰত গহপুৰৰ সমষ্টিৰ বিধায়ক উৎপল বৰাৰ লগতে  মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সু-দৃষ্টি কামনা কৰিছে স্থানীয় নিৱনুৱা যুৱক-যুৱতী সকলে।

WhatsApp Image 2026-03-01 at 2.22.39 PM (2)

গহপুৰ