/asomiyapratidin/media/media_files/2026/01/27/1-2026-01-27-16-00-29.jpg)
ডিজিটেল সংবাদ,গহপুৰঃ গহপুৰৰ শ্বহীদ কনকলতা বৰুৱা অসামৰিক চিকিৎসালয়ৰ চৌহদৰ পৰা যোৱা ১ জানুৱাৰীৰ নিশা চুৰি হোৱা ৰয়েল এনফিল্ড বাইকখন আজি পুৱা উদ্ধাৰ হয় । চিকিৎসালয়খনৰ ফাৰ্মাচিষ্ট দীপ দাসৰ কোৱাটাৰৰ গেৰেজৰ পৰা উক্ত নিশা কোনো অচিনাক্ত দুৰ্বৃত্তই বাইকখন চুৰি কৰি নিছিল।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/27/whatsapp-image-2-2026-01-27-15-58-54.jpeg)
উক্ত চুৰি কাণ্ডৰ বিৰুদ্ধে যোৱা ২ জানুৱাৰীত দীপ দাসে গহপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল। ইপিনে এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে চলাই থকা অভিযানৰ মাজতে আজি পুৱা চেংমৰাত উদ্ধাৰ হয় চুৰি হোৱা বাইকখন। জানিব পৰা মতে-উক্ত বাইকখন লৈ আজি পুৱা এজন যুৱক ১৫ নং ৰাষ্ট্ৰীয় ঘাইথেৰে গহপুৰ দিশে আহি আছিল। তেনেতে চেংমৰাৰ সমীপত বাইকখনৰ বিজুতি ঘটাত সেই স্থানতে বাইকখন থয়। ইপিনে যুৱকজনৰ গতিবিধিৰ ওপৰত স্থানীয় ৰাইজৰ সন্দেহ হোৱাত যুৱকজনক বাইকসহ কৰায়ত্ব কৰি ৰাইজে হাৱাজান আৰক্ষীক খবৰ দিয়ে।
স্থানীয় ৰাইজৰ খবৰৰ ভিত্তিত হাৱাজান আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰণোজ পেগুৰ নেতৃত্বত হাৱাজান আৰক্ষীৰ এটা দল লগে লগে ঘটনাস্থলীত উপস্থিত হৈ যুৱকজনক গ্ৰেপ্তাৰ কৰি আৰক্ষী চকীলৈ লৈ অনাৰ লগতে বাইকখন জব্দ কৰে।ধৃত যুৱকজন হাৱাজান আৰক্ষী চকীৰ অন্তৰ্গত ৰিপন গগৈ বুলি জানিব পৰা গৈছে। এইক্ষেত্ৰত আৰক্ষী বিষয়া ৰণোজ পেগুৰ নেতৃত্বত যোৱা দলটোৱে অভিযান অব্যাহত ৰখিছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/27/whatsapp-image-2026-01-27-15-59-21.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us