/asomiyapratidin/media/media_files/2026/01/19/1-2026-01-19-10-26-17.jpg)
ডিজিটেল সংবাদ,গহপুৰঃ মণিপুৰৰ ইম্ফলত অনুষ্ঠিত হোৱা ৬৯ সংখ্যক ৰাষ্ট্ৰীয় স্কুল গেমছৰ উশ্বু প্ৰতিযোগিতাত খিতাপ অৰ্জন কৰিছে গহপুৰৰ চন্দামাৰীৰ দিব্যা আচাৰ্য্যই। ১৯ বছৰ বয়সৰ অনুৰ্ধৰ ৫২ কেজিৰ প্ৰতিযোগীসকলৰ ভিতৰত অসমৰ হৈ দিব্যা আচাৰ্য্যই ব্ৰঞ্জৰ পদক লাভ কৰি সমগ্ৰ গহপুৰলৈ গৌৰৱ কঢ়িয়াই আনিছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/19/whatsapp-i-2026-01-19-10-24-57.jpeg)
গহপুৰৰ জ্ঞান ভাৰতী ছিনিয়ৰ চেকেণ্ডৰী স্কুলৰ কলা শাখাৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰী দিব্যা আচাৰ্য্য চন্দামাৰী নিবাসী ভক্ত আচাৰ্য্য আৰু কমলা আচাৰ্য্যৰ জীয়ৰী। ভাৰত চৰকাৰৰ ক্ৰীড়া মন্ত্ৰণালয়ে উক্ত প্ৰতিযোগিতা অনুষ্ঠিত কৰা বুলি ভক্ত আচাৰ্য্যই জানিবলৈ দিছে। ১৪ জানুৱাৰীৰ পৰা ১৮ জানুৱাৰীলৈ অনুষ্ঠিত হৈছিল এই প্ৰতিযোগীতা। দিব্যাৰ এই সাফল্যত পৰিয়ালৰ লগতে স্থানীয় ৰাইজে আনন্দ প্ৰকাশ কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us