/asomiyapratidin/media/media_files/2025/12/31/1-2025-12-31-09-24-02.jpg)
ডিজিটেল ডেস্কঃ অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ তথা গহপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক গনেশ কুটুমৰ পুত্ৰ ডাঃ শংকৰ জ্যোতি কুটুমে কংগ্ৰেছত যোগদান কৰাৰ পাছৰে পৰা গহপুৰ কংগ্ৰেছৰ সাংগঠনিক ভেটি ক্ৰমশঃ শক্তিশালী হোৱা পৰিলক্ষিত হৈছে। যোৱা ২৮ নৱেম্বৰত আনুষ্ঠানিকভাবে গুৱাহাটীত কংগ্ৰেছত যোগদান কৰাৰ পাছতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে কুটুমক অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যনিৰ্বাহ সদস্যৰ দায়িত্ব দিয়াৰ উপৰিও ১২ ডিচেম্বৰত নিখিল ভাৰত কংগ্ৰেছৰ একাংশ জ্যেষ্ঠ কংগ্ৰেছ নেতাৰ সৈতে দিল্লীত তেওঁক পৰিচয় কৰাই দিয়ে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/31/whatsapp-image-2025-12-31-09-24-21.jpeg)
১১ ডিচেম্বৰত ডা: শংকৰজ্যোতি কুটুমক অসম প্ৰদেশ কংগ্ৰেছৰ নিৰ্বাচনী ব্যৱস্থাপনা কমিটিৰ অধ্যক্ষ তথা গহপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক ৰিপুন বৰাই গহপুৰৰ ছয়দুৱাৰ আৰু পূৱ ছয়দুৱাৰ ব্লক কংগ্ৰেছ কমিটীৰ বিষয়ববীয়া আৰু ২৯ খন মণ্ডল কংগ্ৰেছ কমিটিৰ বিষয়ববীয়া সকলৰ জৰিয়তে উষ্ম আদৰণি জনায়। উক্ত অনুষ্ঠানতে যুৱ নেতা ডাঃ শংকৰ জ্যোতি কুটুমৰ সমৰ্থনত দুই শতাধিক যুৱকে কংগ্ৰেছত আনুষ্ঠানিকভাৱে যোগদান কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/31/whatsapp-image-2-2025-12-31-09-24-40.jpeg)
উল্লেখ্য যে, ছয়দুৱাৰ ব্লক কংগ্ৰেছৰ সভাপতি ৰাম প্ৰধান, কাৰ্যকৰী সভাপতি কেশৱ দাহাল, সাধাৰণ সম্পাদক বাবুলী হাজৰিকাকে ধৰি যুৱ মণ্ডল কংগ্ৰেছৰ বিষয়ববীয়া উপস্থিত থকা মিছামাৰীৰ সভাখনত প্ৰদেশ কংগ্ৰেছৰ কাৰ্যনিৰ্বাহ সদস্য ডাঃ শংকৰ জ্যোতি কুটুমে তেওঁলোকক কংগ্ৰেছলৈ আদৰণি জনোৱাৰ লগতে কংগ্ৰেছৰ হাত শক্তিশালী কৰিবলৈ আহ্বান জনায়। ইপিনে ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত গহপুৰ সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী ডা: শংকৰ জ্যোতি কুটুমৰ সমৰ্থনত অচিৰেই সহস্ৰাধিক যুৱকে কংগ্ৰেছত যোগদান কৰিব বুলি গহপুৰ কংগ্ৰেছৰ এক সূত্ৰই সংবাদ মাধ্যমক জানিবলৈ দিছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/31/whatsap-1-2025-12-31-09-26-32.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us