গহপুৰত তীৰ খেলৰ বিৰূদ্ধে আৰক্ষীৰ অভিযান

গহপুৰ আৰক্ষী থানাৰ অন্তৰ্গত উত্তৰাঞ্চলৰ অসম অৰুণাচল সীমান্তৱৰ্তী বিভিন্ন অঞ্চলত অব্যাহত থকা তীৰ খেলৰ বিৰুদ্ধে চলোৱা অভিযানত গ্ৰেপ্তাৰ কৰে এজন তীৰ খেলৰ বুকী।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ গহপুৰ সমজিলাৰ আৰক্ষী অধীক্ষক প্ৰাণজিৎ লহকৰৰ নেতৃত্বত অবৈধ তীৰ খেলৰ বিৰুদ্ধে আৰম্ভ হৈছে তীব্ৰ অভিযান।গহপুৰ আৰক্ষী থানাৰ অন্তৰ্গত উত্তৰাঞ্চলৰ অসম অৰুণাচল সীমান্তৱৰ্তী বিভিন্ন অঞ্চলত অব্যাহত থকা তীৰ খেলৰ বিৰুদ্ধে চলোৱা অভিযানত গ্ৰেপ্তাৰ কৰে এজন তীৰ খেলৰ বুকী।

WhatsApp Image 2025-12-31 at 8.57.13 AM

জানিব পৰা মতে-গহপুৰ উত্তৰাঞ্চলত অব্যাহত থকা তীৰ খেলৰ বিষয়ে লাভ কৰা তথ্যৰ ভিত্তিত এক অভিযান চলায় গহপুৰ সমজিলাৰ আৰক্ষী অধীক্ষক প্ৰাণজিৎ লহকৰৰ নেতৃত্বাধীন গহপুৰ আৰক্ষীৰ এটা দলে।উক্ত অভিযানত খেৰনিগেট বজাৰৰ পৰা তীৰ খেলৰ টিকট বিক্ৰী থকা অৱস্থাৰ পৰা গ্ৰেপ্তাৰ কৰে বিনয় বড়ো নামৰ এজন তীৰ খেলৰ বুকী। 

উল্লেখ্য যে, ধৃত বিনয় বড়োৰ ঘৰ খেৰনিগেট বজাৰৰ সমীপৱৰ্তী শিমলুগুৰী গাঁৱত। আৰক্ষীয়ে দুখন তীৰ খেলৰ টিকট বহী,দুটা মোবাইল ফোন আৰু নগদ ১৭,৮২০ টকা জব্দ কৰে।ধৃত বিনয় বড়োক বিশ্বনাথ জেল হাজোতলৈ প্ৰেৰণ কৰে।

WhatsApp Image 2025-12-31 at 8.57.13 AM (1)

গহপুৰ