হেলেমত সংঘটিত এক লোমহৰ্ষক হত্যাকাণ্ড

গহপুৰ সমজিলাৰ হেলেম আৰক্ষী থানাৰ অন্তৰ্গত গমিৰি নেপালী পথাৰত সংঘটিত হৈছে জঘন্য ঘটনা। উক্ত ঘটনাত ভুৱন নেউপান নামৰ যুৱকজনে শুক্ৰবাৰে নিশা প্ৰায় ৮ বজাত পিতৃ টিকাৰাম নেউপানক দাৰে ডিঙি ৰেপি হত্যা কৰে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ, গহপুৰঃ এগৰাকী কুলাংগাৰ পুত্ৰই জন্মদাত্ৰী পিতৃক দাৰে ডিঙি ৰেপি হত্যা কৰাৰ দৰে এক লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হৈছে।গহপুৰ সমজিলাৰ হেলেম আৰক্ষী থানাৰ অন্তৰ্গত গমিৰি নেপালী পথাৰত সংঘটিত হৈছে এই জঘন্য ঘটনা।উক্ত ঘটনাত ভুৱন নেউপান নামৰ যুৱকজনে শুক্ৰবাৰে নিশা প্ৰায় ৮ বজাত পিতৃ টিকাৰাম নেউপানক দাৰে ডিঙি ৰেপি হত্যা কৰে।

0013f814-1afe-4f09-a9d8-33a99c0fe37e

উল্লেখ্য যে, বাসগৃহৰ পৰা সামান্য দূৰত্বত পৃথকে থকা পাকঘৰত পিতৃ টিকাৰাম নেউপানেই জুইৰ ওম লৈ থকা অৱস্থাত কোনো কথাৰ অৱতাৰণা নকৰাকৈ হত্যা কৰে পুত্ৰ ভুৱন নেউপানে। লগে লগে মাটিত ঢলি পৰি মৃত্যু হয় লোকজনৰ। ইয়াৰ পাছত হত্যাকাৰী পুত্ৰ ভুৱন নেউপানে নিশা প্ৰায় ৯ বজাত আহি হেলেম আৰক্ষী থানাত উপস্থিত হৈ আৰক্ষীৰ আগত পিতৃক হত্যা কৰাৰ কথা স্বীকাৰ কৰে।

0013f814-1afe-4f09-a9d8-33a99c0fe37e

প্ৰণিধানযোগ্য যে, ভুৱন নেউপান টিকাৰাম নেউপানেৰ জ্যেষ্ঠ পুত্ৰ।টিকাৰাম নেউপানেৰ যোৱা প্ৰায় সাত বছৰ আগতে সংসাৰত ফাঁট মেলিছিল। তেওঁৰ সংসাৰ ফাঁট মেলাৰ আঁৰত পিতৃৰ হাত থকাৰ সন্দেহত পিতৃক হত্যা কৰা বুলি মন্তব্য কৰিছে ভুৱন নেউপানেই।ইপিনে হেলেম আৰক্ষীয়ে হত্যাকাৰী ভুৱন নেউপানেক গ্ৰেপ্তাৰ কৰাৰ লগতে নিহত টিকাৰাম নেউপানেৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। স্থানীয় ৰাইজে যুৱকজনৰ বিৰুদ্ধে দৃষ্টামূলক শাস্তি বিহাৰ দাবী জনাইছে ।

গহপুৰ হেলেম