ৰৈ ৰৈ বিনালে চাবলৈ ৰাইজক আহ্বান জনালে মন্ত্ৰী পীযুষ হাজৰিকাই

ৰূপকোৱঁৰ জ্যােতিপ্ৰসাদ আগৰৱালাৰ কৰ্মস্থলী ভোলাগুৰিৰ ৭৪০ বিঘা ভূমিত নিৰ্মাণ হ'ব লগীয়া ৰাজ্যিক বিশ্ববিদ্যালয়খনত পৰম্পৰাগত বিষয় সমূহৰ লগতে এ:আই,ৰবটিক চাইঞ্চ, থ্ৰি ডি প্ৰিন্টিং কে ধৰি আধুনিক বিষয় সমূহ অন্তৰ্ভুক্ত হ'ব।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,গহপুৰঃ   গহপুৰত উপস্থিত জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা। দেশৰ ভিতৰতে আগশাৰীৰ আধুনিক বিশ্ববিদ্যালয় স্থাপনৰ যো-জা চলিছে গহপুৰৰ ঐতিহ্যমণ্ডিত ভোলাগুৰি চাহবাগিছাত। ৮ নৱেম্বৰত আনুষ্ঠানিক ভাৱে কনকলতা ৰাজ্যিক বিশ্ববিদ্যালয়খনৰ আধাৰশিলা স্থাপন কৰিব কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে।

ৰূপকোৱঁৰ জ্যােতিপ্ৰসাদ আগৰৱালাৰ কৰ্মস্থলী ভোলাগুৰিৰ ৭৪০ বিঘা ভূমিত নিৰ্মাণ হ'ব লগীয়া ৰাজ্যিক বিশ্ববিদ্যালয়খনত পৰম্পৰাগত বিষয় সমূহৰ লগতে এ:আই,ৰবটিক চাইঞ্চ, থ্ৰি ডি প্ৰিন্টিং কে ধৰি আধুনিক বিষয় সমূহ অন্তৰ্ভুক্ত হ'ব।

উল্লেখ্য যে, মন্ত্ৰী হাজৰিকাই নিৰ্মাণ স্থলীত উপস্থিত হৈ কামৰ অগ্ৰগতিৰ সম্পৰ্কে বুজ লোৱাৰ লগতে চাহ জনগোষ্ঠীয় সংগঠনৰ সৈতে এক আলোচনাত মিলিত হয়। লগতে জুবিন গাৰ্গ অসমৰ ৩০ বছৰৰ এগৰাকী অত্যন্ত গুৰুত্বপূৰ্ণ ব্যক্তি আছিল আৰু ৰৈ ৰৈ বিনালে অসমৰ সকলো ৰাইজক চাবলৈ আহবান জনোৱাৰ লগতে নিজেও চিনেমাখন চাম বুলি মন্তব্য কৰে।

গহপুৰ