ব্ৰহ্মাজানৰ সৃষ্টি শাখা লেখিকা সমাৰোহ সমিতিৰ বিশেষ গ্ৰন্থ উন্মোচনী সভা...

সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ অন্যতম সক্ৰিয় শাখা হিচাপে সুপৰিচিত গহপুৰ সমজিলাৰ ব্ৰহ্মাজানৰ সৃষ্টি শাখা লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত শণিবাৰে এখন বিশেষ গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত

author-image
Asomiya Pratidin
New Update
ujdjdjd

ডিজিটেল সংবাদ, গহপুৰ: সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ অন্যতম সক্ৰিয় শাখা হিচাপে সুপৰিচিত গহপুৰ সমজিলাৰ ব্ৰহ্মাজানৰ সৃষ্টি শাখা লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত শণিবাৰে এখন বিশেষ গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত কৰা হয়। সভা খনত কবি, সুলেখিকা তথা সক্ৰিয় সাহিত্যসেৱী মীনা দিহিঙ্গীয়াৰ " অনুভৱৰ দুৱাৰ খুলি'" শীৰ্ষক কাব্য সংকলন খন উন্মোচন কৰা হয়।

লেখিকা মীনা দিহিঙ্গীয়াৰ ব্ৰহ্মাজানস্হিত বাসগৃহৰ প্ৰাঙ্গণত অনুষ্ঠিত হোৱা সভা খনত সভাপতিত্ব কৰে সৃষ্টি শাখা লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী তথা কবি নিৰ্জুমণি দত্ত বৰুৱাই। বিশিষ্ট কবি, নিবন্ধকাৰ তথা সৃষ্টি শাখা লেখিকা সমাৰোহ সমিতিৰ সম্পাদিকা ৰশ্মিৰেখা গোহাঁইয়ে উদ্দেশ্য ব্যাখ্যা কৰাৰ লগতে সামগ্ৰিক ভাৱে আঁত ধৰা সভা খনৰ আৰম্ভণীতে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰতিষ্ঠাপক সভানেত্ৰী ড০ শীলা বৰঠাকুৰ, সুধাকন্ঠ ড০ ভূপেন হাজৰিকা আৰু আমাৰ সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে ক্ৰমে সৃষ্টি শাখা লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন সভানেত্ৰী স্বৰ্ণ কাকতি, অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী পদ্মা বৰাইক আৰু সমাজ কল্যাণ বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া দিপালী হাজৰিকাই।

 লগতে অকালতে মৃত্যুক আকোঁৱালি লোৱা দিশা দিহিঙ্গীয়াৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে মাতৃ মীনা দিহিঙ্গীয়াই। সৃষ্টি শাখা লেখিকা সমাৰোহ সমিতিৰ সদস্যা সকলে পৰিৱেশন কৰা " চিৰ চেনেহী মোৰ ভাষা জননী" শীৰ্ষক গীতটিৰে শুভাৰম্ভ কৰা সভা খন উদ্বোধন কৰে বিশিষ্ট কবি ,সুলেখিকা তথা বিশ্বনাথ জিলা লেখিকা সমাৰোহ সমিতিৰ উপ সভানেত্ৰী ৰেণু শ‌ইকীয়া বৰাই। অৰ্পণ দিহিঙীয়াই পৰিবেশন কৰা এটি বৰগীতৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা সভা খনত আদৰণী ভাষণ প্ৰদান কৰি কবি মীনা দিহিঙ্গীয়াই উপস্থিত সকলোকে সাদৰ সম্ভাষণ জ্ঞাপন কৰে।

পৰৱৰ্তী কাৰ্য্যসূচী অনুসৰি নিৰ্দিষ্ট বক্তাৰ আসনৰ পৰা নাতিদীৰ্ঘ বক্তব্য প্ৰদান কৰি চিত্ৰবন স্বৰ্ণদল শাখা সাহিত্য সভাৰ সভাপতি বীৰেন কাথ হাজৰিকাই অসমীয়া সাহিত্যৰ ক্ষেত্ৰ খনত লেখিকা সকল অৰ্ধ আকাশ বুলি মত প্ৰকাশ কৰে। অতিশয় নিষ্ঠাৰে আৰু আন্তৰিকতাৰে সুদীৰ্ঘ দিন সাহিত্য সেৱা কৰি অহা কবি মীনা দিহিঙ্গীয়াক নিৰ্দিষ্ট বক্তা বীৰেন কাথ হাজৰিকাই জোপোহা হাবিৰ বাঘ বুলি অভিহিত কৰি কবি গৰাকীৰ নিৰলস কাব্য সাধনা অব্যাহত থাকিব বুলি আশা ব্যক্ত কৰে।

গহপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা তথা সুলেখিকা নিকুঞ্জ কোঁৱৰ মহন্ত‌ই বিশিষ্ট অতিথি আসনৰ পৰা মনোগ্ৰাহী বক্তব্য প্ৰদান কৰা সভা খনত " কবিতাৰ সম্পৰ্কত একাষাৰ" শীৰ্ষক বিষয়ত অধ্যয়ণপুষ্ট বক্তব্য প্ৰদান কৰে বিশিষ্ট কবি, গল্পকাৰ তথা বিশ্বনাথ জিলা লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী সবিতা কোঁৱৰে।

কবি, গল্পকাৰ শেৱালি কলিতাৰ তত্বাৱধানত বালিজান সংগীত বিদ্যালয়ৰ কণ কণ শিক্ষাৰ্থী সকলৰ লগতে কংকিতা হাজৰিকা, নৱনীতা বেদীয়া , জয়া বেদীয়া , মৌচুমী ৰাজখোৱাই পৰিবেশন কৰা গীত, নৃত্য, কবিতা আবৃত্তিয়ে সকলোকে আপ্লুত কৰা সভা খনত মীনা দিহিঙ্গীয়াৰ " অনুভৱৰ দুৱাৰ খুলি'" শীৰ্ষক কাব্য সংকলন খন আনুষ্ঠানিক ভাৱে উন্মোচন কৰে বিশিষ্ট কবি, লেখিকা বীণা ৰাজখোৱাই। সৃষ্টি শাখা লেখিকা সমাৰোহ সমিতিৰ প্ৰতিষ্ঠাপক প্ৰাক্তন সভানেত্ৰী বীণা ৰাজখোৱাই মনোগ্ৰাহী উন্মোচনী ভাষণ প্ৰদান কৰি মীনা দিহিঙ্গীয়াৰ কাব্য চৰ্চাৰ আলোকপাত কৰাৰ গ্ৰন্থ প্ৰকাশৰ প্ৰয়াস অব্যাহত ৰাখিবৰ বাবে সৃষ্টি শাখা লেখিকা সমাৰোহ সমিতিক আহ্বান জনায়।

 ইয়াৰ পিছতে সৃষ্টি শাখা লেখিকা সমাৰোহ সমিতিৰ কাৰ্যকৰী সভানেত্ৰী মৌচুমী ৰাজখোৱাই মুকলি কৰা কবিতা পাঠৰ অনুষ্ঠানত একাধিক কবিয়ে স্বৰচিত কবিতা পাঠ কৰি সভা খন অধিক সজীৱ কৰি তোলে। গ্ৰন্থকাৰ মীনা দিহিঙ্গীয়াই উপস্থিত সকলোকে সুন্দৰকৈ আদৰ- আপ্যায়ন কৰা আৰু পোন্ধৰ বছৰ বয়সতে মৃত্যুক আকোঁৱালি লোৱা দিশা দিহিঙ্গীয়াৰ পবিত্ৰ স্মৃতিত উচৰ্গা কৰা গাম্ভীৰ্যপূৰ্ণ সভা খনত অসম সাহিত্য সভাৰ বিজ্ঞান আৰু পৰিবেশ বিজ্ঞান উপ সমিতিৰ উপ সভাপতি তৰুণ বৰুৱা, বিশ্বনাথ জিলা কবি সন্মিলনৰ প্ৰাক্তন সভাপতি বিপিন বৰা, চিত্ৰবন স্বৰ্ণদল শাখা সাহিত্য সভাৰ উপ সভাপতি খগেন সন্দিকৈ, সম্পাদক শৰৎ দাস, পত্ৰিকা সম্পাদক পংকজ দাস, সাংগঠনিক সম্পাদিকা নিকুমণি শ‌ইকীয়া গোহাঁই, সাহিত্যসেৱী পূৰ্ণ দিহিঙ্গীয়া, সংগীত শিল্পী বিজয় বৰা, সুলেখিকা পৰীক্ষি ৰাজখোৱা, কবি কুনুমাই দাসসহ বহু সংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত থাকে। উল্লেখ্য যে সভা খনত গ্ৰন্থকাৰ মীনা দিহিঙ্গীয়াক সৃষ্টি শাখা লেখিকা সমাৰোহ সমিতিৰ তৰফৰ পৰা আনুষ্ঠানিক ভাৱে সম্বৰ্ধনা জ্ঞাপন কৰি সাহিত্য সৃষ্টি অব্যাহত ৰাখিবৰ বাবে উৎসাহিত কৰা হয়।

গহপুৰ