গহপুৰত জুবিন গাৰ্গৰ ওপজা দিনত 'স্বপ্ন ভৰা গানৰ কবিতা" শীৰ্ষক কাব্য সংকলন উন্মোচন...

সাহিত্য কাননৰ উদ্যোগত আজি সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গৰ ৫৩ সংখ্যক ওপজা দিনৰ লগত সংগতি ৰাখি এখন কাব্য সংকলন উন্মোচন কৰাৰ লগতে সংগীত শিল্পী গৰাকীলৈ গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰা

author-image
Asomiya Pratidin
New Update
ujjjss

ডিজিটেল সংবাদ, গহপুৰ:- সাহিত্য কাননৰ উদ্যোগত আজি সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গৰ ৫৩ সংখ্যক ওপজা দিনৰ লগত সংগতি ৰাখি এখন কাব্য সংকলন উন্মোচন কৰাৰ লগতে সংগীত শিল্পী গৰাকীলৈ গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰা হয়। এই উপলক্ষে আজি বিয়লি ৩ বজাৰ পৰা গহপুৰ নগৰৰ চতিয়াচুকস্হিত এম ডি আৰ্ট স্কুলৰ প্ৰেক্ষাগৃহত এখন বিশেষ গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত কৰা হয়।

গ্ৰন্থ উন্মোচনী সভা খনৰ পূৰ্বে এম ডি আৰ্ট স্কুলৰ চৌহদত জুবিন গাৰ্গৰ প্ৰিয় নাহৰ গছৰ পুলি ৰোপন কৰে বন বিভাগৰ কৰ্মচাৰী গুণ ৰাজখোৱাই। ইয়াৰ পিছতে জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে কবি, সাংবাদিক বিপুল কুমাৰ দিহিঙীয়াই আৰু পুস্পাঞ্জলি অৰ্পণ কৰে জ্যেষ্ঠ সাংবাদিক ভাস্কৰজ্যোতি ভূঞাই।

পৰৱৰ্তী কাৰ্য্যসূচী অনুসৰি কবি, নাট্যকাৰ তৰুণ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা গ্ৰন্থ উন্মোচনী সভা খনৰ উদ্দেশ্য ব্যাখ্যাৰ লগতে আদৰণী ভাষণ প্ৰদান কৰে " নিউজ নৰ্থ আছাম" ৰ স্বত্বাধিকাৰী তথা জ্যেষ্ঠ সাংবাদিক, গীতিকাৰ, সুলেখক ৰমেন বৰাই। গ্ৰন্থ উন্মোচনী সভা খন উদ্বোধন কৰি গহপুৰ কবি কাননৰ সম্পাদক বীৰেন কাথ হাজৰিকাই সংগীত শিল্পী হিচাপে জুবিন গাৰ্গ সাগৰসম প্ৰতিভাৰ অধিকাৰী আছিল বুলি মন্তব্য কৰে।

ইয়াৰ পিছতে জুবিন গাৰ্গৰ ওপজা দিন উপলক্ষে চিত্ৰবন স্বৰ্ণদল শাখা সাহিত্য সভাৰ পত্ৰিকা সম্পাদক পংকজ দাসৰ সম্পাদনাত " নিউজ নৰ্থ আছাম" ৰ সাহিত্য কানন শিতানে প্ৰকাশ কৰি উলিওৱা  অসমৰ বিভিন্ন প্ৰান্তৰৰ ৫৩ গৰাকী কবিৰ জুবিন গাৰ্গ বিষয়ক কবিতাৰ সংকলন " স্বপ্ন ভৰা গানৰ কবিতা" আনুষ্ঠানিক ভাৱে উন্মোচন কৰে সাহিত্য অকাডেমি বঁটা প্ৰাপক কবি জ্ঞান পূজাৰীয়ে। গুৰুত্বপূৰ্ণ উন্মোচনী ভাষণ প্ৰদান কৰি কবি জ্ঞান পূজাৰীয়ে অসমৰ ৰাইজে একেমুখে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰিছে বুলি মন্তব্য কৰে।

গাম্ভীৰ্যপূৰ্ণ সভা খনত মুখ্য অতিথিৰ আসনৰ পৰা সুলেখক কেশৱ গগৈয়ে জুবিন গাৰ্গৰ সৃষ্টিৰাজিৰ দৰ্শন আৰু দৃষ্টিভংগী সন্দৰ্ভত মনোগ্ৰাহী বক্তব্য প্ৰদান কৰে। অন্যহাতেদি সভা খনত আভাৰাণী বৰাৰ এটি ভক্তিমূলক গীতৰ ৰেকৰ্ডিং আনুষ্ঠানিক ভাৱে উন্মোচন কৰে নাট্যকাৰ দিলীপ বৰাই। জুবিন গাৰ্গৰ বন্দনাৰে মুখৰিত সভা খনত গীতাঞ্জলি মহন্ত‌ই জুবিন গাৰ্গৰ " মায়াবিনী" শীৰ্ষক গীতটি পৰিবেশন কৰাৰ লগতে ভাবিৰাম বৰুৱাই গীতাৰত জুবিন গাৰ্গৰ গীতৰ সুৰ সঞ্চাৰ আৰু দেবাংগনা শাণ্ডিল্য‌ই নৃত্য পৰিবেশন কৰে। সভা খনত জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰি মধুস্মিতা চমুৱা বৰুৱা আৰু অবিনাশ সন্দিকৈয়ে স্বৰচিত কবিতা পাঠ কৰে।

জুবিন গাৰ্গ