গহপুৰৰ ঘাঁহিগাঁও বাছ আস্থান প্ৰাঙ্গণত আৰম্ভ ভোগালী মেলা

অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত গোটৰ মহিলাসকলে ঘৰতে বিভিন্ন বস্তু প্ৰস্তুত কৰি মেলাত বিক্ৰী কৰিছে। গহপুৰৰ বিধায়ক উৎপল বৰা উপস্থিত হৈ মেলাৰ উদ্বোধন কৰাৰ লগতে মহিলাসকলক উৎসাহিত কৰা পৰিলক্ষিত হয়। 

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ ভোগৰ বিহু ভোগালীলৈ মাজত মাথোঁ দুটা দিন বাকী । ইতিমধ্যে সমগ্ৰ ৰাজ্য ভোগালী বিহুৰ আয়োজনত ব্যস্ত। গাঁও চহৰ সকলোতে ভোগালীৰ উৎসাহ। গাঁৱৰ পথাৰত নিৰ্মাণ কৰা হৈছে বিভিন্ন আৰ্হিৰ ভেলাঘৰ। পিছপৰি ৰোৱা নাই চহৰসমূহ। 

উল্লেখযোগ্য যে, গহপুৰ সমজিলাৰ ঘাঁহিগাঁও বাছ আস্থান প্ৰাঙ্গণত আৰম্ভ হৈছে ভোগালী মেলা। লাড়ু, পিঠা, জলপানৰ পৰা বাহঁৰ চুঙাৰ দৈ, চুঙা পিঠা আৰু জাতীয় সাজ-পাৰ সকলো উপলব্ধ হৈছে ভোগালী মেলাত। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত গোটৰ মহিলাসকলে ঘৰতে বিভিন্ন বস্তু প্ৰস্তুত কৰি মেলাত বিক্ৰী কৰিছে। গহপুৰৰ বিধায়ক উৎপল বৰা উপস্থিত হৈ মেলাৰ উদ্বোধন কৰাৰ লগতে মহিলাসকলক উৎসাহিত কৰা পৰিলক্ষিত হয়। 

গহপুৰ ভোগালী মেলা