/asomiyapratidin/media/media_files/2025/10/09/ajsss-2025-10-09-23-34-47.jpg)
ডিজিটেল সংবাদ,গহপুৰ: গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভিতৰত গণ মাধ্যম বিভাগত সৰ্বাধিক নম্বৰ পোৱা তথা শ্ৰেষ্ঠ স্নাতক গৰাকীলৈ চলিত বৰ্ষৰ পৰা আগবঢ়োৱা হৈছে ডালিমী শইকীয়া সোঁৱৰণী বঁটা ।ছয়দুৱাৰ মহাবিদ্যালয়ৰ গণ মাধ্যম বিভাগৰ শ্ৰেষ্ঠ স্নাতক ডেফ'দিল বুঢ়াগোহাঁইয়ে ২০২৪-২৫ বৰ্ষত এই বঁটা লাভ কৰিছে।
আজি গহপুৰৰ ছয়দুৱাৰ মহাবিদ্যালয়ৰ ৫৮ তম নৱাগত আদৰণি সভা আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আনুষ্ঠানিকভাৱে এই বঁটা প্ৰদান কৰে প্ৰয়াত ডালিমী শইকীয়াৰ পুত্ৰ তথা জ্যেষ্ঠ সাংবাদিক ভুৱন শইকীয়াই। এই বঁটাত আছে এখন প্ৰশস্তি পত্ৰ,এটা স্মাৰক, কিতাপৰ টোপোলা আৰু নগদ ধন।