প্ৰয়াত লেখিকা ৰূপৰেখা বৰাৰ ৫৪ সংখ্যক ওপজা দিনত কবিতা পুথি উন্মোচন

গহপুৰ সমজিলাৰ মাগনীৰ এটা সংস্কৃতিবান পৰিয়ালত জন্মগ্ৰহণ কৰা ৰূপৰেখা বৰাই সৰুৰে পৰাই কৃষ্টি-সংস্কৃতি, কাব্য-সাহিত্য আৰু নাটকৰ চৰ্চা কৰি জীৱনটোক সজাই তুলিছিল ব্যতিক্ৰমী ধৰণেৰে। বিভিন্ন প্ৰতিভাৰ অধিকাৰী ৰূপৰেখা বৰাৰ আদ্যশ্ৰাদ্ধ সম্পন্ন হোৱাৰ পিছত আজি তেওঁৰ ৫৪ সংখ্যক ওপজা দিন । এই দিনটোতে বৰঙাবাৰীৰ মৰ্ণিং ষ্টাৰ হাইস্কুলৰ প্ৰাংগণত তেওঁৰ ৰচিত কবিতাৰে এখন কবিতা পুথি আনুষ্ঠানিকভাবে উন্মোচন কৰে।

author-image
Asomiya Pratidin
New Update
AP WEB 1 (4)

ডিজিটেল সংবাদ, গহপুৰঃ গহপুৰ সমজিলাৰ মাগনীৰ এটা সংস্কৃতিবান পৰিয়ালত জন্মগ্ৰহণ কৰা ৰূপৰেখা বৰাই সৰুৰে পৰাই কৃষ্টি-সংস্কৃতি, কাব্য-সাহিত্য আৰু নাটকৰ চৰ্চা কৰি জীৱনটোক সজাই তুলিছিল ব্যতিক্ৰমী ধৰণেৰে। ছয়দুৱাৰ মহাবিদ্যালয়ৰ এসময়ৰ মেধাৱী ছাত্ৰী ৰূপৰেখা বৰাই অধ্যয়নৰ সমান্তৰালভাৱে অব্যাহত ৰখা বিভিন্ন সৃষ্টিশীল কৰ্মৰাজিৰ মাজেৰে পিছলৈ এগৰাকী কবি আৰু এগৰাকী সুলেখিকা হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছিল।

উল্লেখ্য যে এক জটিল ৰোগত আক্ৰান্ত হোৱাৰ পিছত সুদীৰ্ঘ দিন জীৱন-মৃত্যুৰে যুঁজি যোৱা ৪ নৱেম্বৰত অকাল মৃত্যুক আকোঁৱালি লয় বিশিষ্ট লেখিকাগৰাকীয়ে। বিভিন্ন প্ৰতিভাৰ অধিকাৰী ৰূপৰেখা বৰাৰ আদ্যশ্ৰাদ্ধ সম্পন্ন হোৱাৰ পিছত আজি তেওঁৰ ৫৪ সংখ্যক ওপজা দিন। এই দিনটোতে বৰঙাবাৰীৰ মৰ্ণিং ষ্টাৰ হাইস্কুলৰ প্ৰাংগণত তেওঁৰ ৰচিত কবিতাৰে এখন কবিতা পুথি আনুষ্ঠানিকভাবে উন্মোচন কৰে। 

তাৰোপৰি জীৱনৰ সুদীৰ্ঘ দিন শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত নিয়োজিত হৈ জীৱনটোক মহীয়ান কৰি তোলা মৰ্ণিং ষ্টাৰ হাইস্কুলৰ পৰিচালন সঞ্চালিকা ৰূপৰেখা বৰাই তেওঁৰ জীৱন কালত ৰচনা কৰা বিভিন্ন কবিতাৰ পৰা ৫৮ টা কবিতা সংগ্ৰহ কৰি "সকলোৰে হাতত ধৰি মই গুচি যাম পদূলিৰ মাধৈমালতী জোপাৰ স'তে শাওনৰ ভৰুণ পথাৰখনলে" শিৰোনামাৰে প্ৰকাশ কৰি উলিওৱা কবিতা পুথিখনি আজি আনুষ্ঠানিকভাৱে ভাবে উন্মোচন কৰে ছয়দুৱাৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ দিগন্ত গোহাঁয়ে।

তাৰোপৰি কবিতা পুথি উন্মোচন কৰি দিগন্ত গোহাঁয়ে কয়- কৃষ্টি সংস্কৃতিৰে ভৰা এটা জীপাল পৰিৱেশত ডাঙৰ দীঘল হোৱা ৰূপৰেখা বৰা এগৰাকী সংবেদনশীল কবি আছিল। আজি উন্মোচিত এই কবিতা পুথিখনিৰ কবিতা সমূহত প্ৰকৃতি,মানুহৰ জয়গান, সাংস্কৃতিক সমাজ, লোক বিশ্বাস,প্ৰেম আদি সমৃদ্ধ হৈ আছে বুলি উল্লেখ কৰে লগতে  ৰূপৰেখা বৰা কাব্য-সাহিত্যৰ এগৰাকী নিৰৱ সাধক আছিল বুলি উল্লেখ কৰে। 

তাৰোপৰি ৰূপৰেখা বৰাৰ ভগ্নী ৰশ্মিৰেখা বৰাই আঁত ধৰা সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি ছয়দুৱাৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডঃ অঞ্জন কুমাৰ ওজাই কয় যে এটি প্ৰতিভাৱান সত্বাৰ স্মৃতি জীয়াই ৰাখিবলৈ আদ্যশ্ৰাদ্ধৰ পিছদিনাই তেওঁৰ পৰিয়ালৰ লোকে গ্ৰহণ কৰা এই পদক্ষেপ আদৰণীয় জনোৱা হয় । বিশ্বনাথ জিলা সাহিত্য সভাৰ সাধাৰণ সম্পাদক শোভন চন্দ্ৰ শইকীয়াৰ সঞ্চালনাত অনুষ্ঠিত হোৱা গাম্ভীৰ্য্যপূৰ্ণ সভাত ৰূপৰেখা বৰাৰ কবিতা পাঠেৰে তেওঁৰ স্মৃতি ৰোমন্থন কৰি আবেগিক হৈ পৰে মৰ্ণিং ষ্টাৰ হাইস্কুলৰ অধ্যক্ষ দীনেশ কুমাৰ কেচি আৰু শিক্ষক ৰবীন্দ্ৰ কাকতীৰ লগতে ৰূপৰেখা বৰাৰ একালৰ সহপাঠী বিনোদ আত্ৰেয়।

প্ৰাণিধানযোগ্য় যে, এক আবেগিক পৰিৱেশত অনুষ্ঠিত হোৱা সভাখনত কিশোৰ সিং ৰাজপুত, জগন্নাথ উপাধ্যায়, বীৰেণ কাথ হাজৰিকা, জগন্নাথ শৰ্মা, জগদীশ শৰ্মা, শংকৰলাল আগৰৱালা,কালিচৰণ বৰুৱা, চন্দন বৰুৱা, সিদ্ধেশ্বৰ হাজৰিকা, ড: ভাস্কৰ জ্যোতি গগৈ,বিপিন বৰা,ৰাম অৱতাৰ আগৰৱালা,নামাঞ্জলী বৰুৱা, ৰাজু গৌতম,লক্ষেশ্বৰ শইকীয়া,ভুৱন শইকীয়া,ভাস্কৰ জ্যোতি ভূঞা, বিপ্লৱ নেওগ, ৰাজীৱ বৰা,জীৱন ঢুংগানা,ৰিজুৰেখা বৰা,বিনোদ কুৰ্মী প্ৰমুখ্যে বহু বিশিষ্ট লোক অনুষ্ঠানত উপস্থিত থাকে।

আনফালে সভা অনুষ্ঠিত হোৱাৰ  পূৰ্বে ৰূপৰেখা বৰাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে সত্ৰীয়া সংস্কৃতিৰ সাধক পীতাম্বৰ হাজৰিকাই।উল্লেখযোগ্য ৰূপৰেখা বৰাৰ স্মৃতি জীয়াই ৰাখিবলৈ মৰ্ণিং ষ্টাৰ হাইস্কুলৰ চৌহদত নিৰ্মাণ কৰি উলিওৱা এটি স্মৃতি সৌধত ধুপ ধূনা,পুস্পাঞ্জলি আৰু ভকত বৈষ্ণৱৰ  মংগলধ্বনিৰ মাজত ছাত্ৰ-ছাত্ৰী আৰু বিশিষ্ট ব্যক্তি সকলৰ উপস্থিতিত ৰাজহুৱাভাবে উন্মোচন কৰা হয়।

তাৰোপৰি এই দুখৰ সময়ত পৰিয়ালটোৰ প্ৰতি দেখুওৱা সহমৰ্মিতাক সভাখনৰ জৰিয়তে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে ৰূপৰেখা বৰাৰ স্বামী তথা মৰ্ণিং ষ্টাৰ হাইস্কুলৰ পৰিচালন সঞ্চালক যাদৱ চলিহা আৰু তেওঁৰ দুই পুত্ৰ অভিজ্ঞান চলিহা আৰু অয়নাভ চলিহাই। লগতে আজি উন্মোচিত কবিতা পুথিখনিৰ সম্পাদনাৰ দায়িত্বত আছে বিনোদ আত্ৰেয়,দীনেশ কুমাৰ কেচি আৰু ৰশ্মিৰেখা বৰা।

গহপুৰ