/asomiyapratidin/media/media_files/2026/01/31/newsgolaghatbhupendraakjhajha-2026-01-31-15-10-43.jpg)
ডিজিটেল সংবাদ, গোলাঘাটঃ সংস্কাৰ ভাৰতী, গোলাঘাট জিলাৰ উদ্যোগত ড৹ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ উপলক্ষে শনিবাৰে দিনজোৰা কাৰ্যসূচীৰে ভূপেন্দ্ৰ সংগীতৰ ওপৰত এখনি কৰ্মশালা অনুষ্ঠিত হয়। এই কৰ্মশালা অনুষ্ঠানটি দেৰগাঁও ঝুম্ কা কলাকেন্দ্ৰ, ডায়মণ্ড ক্লাবত অনুষ্ঠিত কৰা হয়।
গোলাঘাট জিলাৰ মহামন্ত্ৰী শ্ৰীময়ী বৰাই আতঁ ধৰা কৰ্মশালাত সমল ব্যক্তি ৰঞ্জিত বৰাই বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানটিৰ আৰম্ভণি কৰে। তেখেতক গীতাৰত সহযোগ কৰে বিশিষ্ট বাদ্যযন্ত্ৰী নীলোৎপল বৰা আৰু তাবলাত সহযোগ কৰে বিশিষ্ট বাদ্যযন্ত্ৰী ৰাণা শইকীয়া।
কৰ্মশালাত গোলাঘাট জিলা সমিতিৰ সংস্কাৰ ভাৰতীৰ উপদেষ্টা-বীৰেণ বৰা, কাৰ্যকৰী সভাপতি গোলোক দাস, বিত্ত সম্পাদিকা কমলাক্ষী শইকীয়া, মন্ত্ৰী গোবিন্দ দত্ত, দেৰগাঁৱৰ বিশিষ্ট ব্যক্তি উদ্ধৱ দাস, প্ৰণৱ প্ৰতীম দত্ত, গীতালী তামূলী, প্ৰিয়ংকা হাজৰিকা। কৰ্মশালাত ৫০গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us