/asomiyapratidin/media/media_files/2025/12/08/427-2025-12-08-10-36-59.jpg)
ডিজিটেল ডেস্ক : উত্তৰ গোৱাৰ আৰপোৰাত শনিবাৰে মাজনিশা এখন ৰেষ্টুৰেণ্ট তথা নাইট ক্লাবত সংঘটিত বিধ্বংসী অগ্নিকাণ্ডত ৪গৰাকী বিদেশী পৰ্যটকসহ ২৬ গৰাকী লোকৰ মৃত্যু হৈছে ৷ শেহতীয়া তথ্য অনুসৰি এই অগ্নিকাণ্ডত মৃত লোকসকলৰ ভিতৰত আছে তিনিজন অসমীয়া যুৱক ৷
তেওঁলোক হৈছে- কাছাৰৰ ৰাহুল তাঁতী, মনোজিৎ মাল আৰু ধেমাজিৰ দিগন্ত পাতিৰ বুলি চিনাক্ত কৰা হৈছে ৷ এই তিনিওগৰাকী যুৱকৰ মৃত্যুত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে শোক প্ৰকাশ কৰে।
মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই শোক প্ৰকাশ কৰি লিখিছে এইদৰে- গোৱাৰ আৰপোৰাত হোৱা অগ্নিকাণ্ডৰ ঘটনাত কৰুণ মৃত্যুক সাবটি লোৱা প্ৰতিজনৰ বাবে গভীৰ শোক অনুভৱ কৰিছোঁ ৷ এই দুৰ্ঘটনাটিত অসমৰ ৰাহুল তাঁতী (কাছাৰ), মনোজিৎ মাল (কাছাৰ), দিগন্ত পাতিৰ (ধেমাজি) নামৰ তিনিজন ব্যক্তিয়ে নিজৰ বহুমূলীয়া জীৱন হেৰুওৱাৰ খবৰ পাই অতি ব্যথিত হৈছোঁ ৷
এই শোকৰ মুহূৰ্তত মৃতকৰ আত্মাৰ চিৰশান্তি কামনাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ। দুৰ্ঘটনাটিত আহত আটাইৰে দ্ৰুত আৰোগ্য লাভৰ বাবে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনালোঁ ৷
এইখিনিতে এটা কথা উল্লেখ কৰা প্ৰয়োজন যে, ঘটনাৰ পাছতে গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তই দুৰ্ঘটনাত নিহতসকলৰ পৰিয়াললৈ ৫ লাখ টকা আৰু আহতসকলৰ বাবে ৫০ হাজাৰ টকাৰ এককালীন সাহাৰ্য প্ৰদানৰ কথা ঘোষণা কৰে । তেওঁ শ্বৰ্ট শ্বাটৰ লগতে এই শোকাৱহ ঘটনাটোৰ সৈতে জড়িত থকা অভিযোগত ক্লাবৰ মুখ্য মহাপ্ৰবন্ধককে ধৰি চাৰিজন কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰাৰ কথা নিশ্চিত কৰে ৷
ইয়াৰ উপৰি ক্লাবৰ স্বত্বাধিকাৰী সৌৰভ লুথ্ৰা আৰু গৌৰৱ লুথ্ৰাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ লগতে তেওঁলোকক শীঘ্ৰে গ্ৰেপ্তাৰ কৰা হ’ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে ।
Deeply anguished by the tragic loss of lives in the Arpora fire incident in Goa, where three of our own, lost their precious lives.
— Himanta Biswa Sarma (@himantabiswa) December 7, 2025
Shri Rahul Tanti, Cachar
Shri Manojit Mal, Cachar
Shri Diganta Patir, Dhemaji
Offering my heartfelt condolences to the bereaved families.…
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us