/asomiyapratidin/media/media_files/2025/12/07/nihjfff-2025-12-07-23-39-22.jpg)
ডিজিটেল ডেস্কঃ কাৰ ভুলৰ বাবে গোৱাৰ নাইট ক্লাবত সংঘটিত হোৱা অগ্নিকাণ্ডত ২৬গৰাকীকৈ লোকে প্ৰাণ হেৰুৱাবলগীয়া হ'ল? ইয়াক লৈ ক্ষীপ্ৰ তদন্ত আৰম্ভ কৰিছে গোৱা আৰক্ষী আৰু চৰকাৰে। গোৱাৰ মুখ্যমন্ত্ৰীয়ে নিজেই ঘটনস্থলী পৰিদৰ্শন কৰি সমগ্ৰ তদন্ত প্ৰক্ৰিয়া তদাৰক কৰিছে।
উত্তৰ গোৱাস্থিত ৰোমিঅ লেণ্ড নামৰ নাইট ক্লাবটোত সংঘটিত হোৱা অগ্নিকাণ্ডৰ ঘটনাৰ দোষী হিচাপে ৪গৰাকী লোকক গ্ৰেপ্তাৰ কৰা হৈছে। লগতে মৃতকৰ পৰিয়াললৈ ৫লাখ টকা আৰু আহত সকললৈ ৫০লাখ টকাৰ সাহায্য আগবঢ়াইছে গোৱা চৰকাৰে।
উক্ত নাইট ক্লাবটো ছীল কৰি দিয়াৰ লগতে ৰাজীৱ মৌদক নামৰ ছীফ জেনেৰেল মেনেজাৰ, বিবেক সিং নামৰ মেনেজাৰ গৰাকী, ৰাজবীৰ সিংঘানিয়া নামৰ বাৰ মেনেজাৰ গৰাকীৰ লগতে প্ৰিয়াংকু ঠাকুৰ নামৰ গেট মেনেজাৰগৰাকীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। গোৱা আৰক্ষী সঞ্চালক প্ৰধানে সদৰি কৰা অনুসৰি, উক্ত নাইট ক্লাবটোৰ মালিক, আয়োজকৰ বিৰুদ্ধেও ৰুজু কৰা হৈছে গোচৰ।
ঘটনাস্থলীৰ লগতে আহতসকলক সাক্ষাত কৰি গোৱাৰ মুথ্যমন্ত্ৰী প্ৰমোদ সাৱন্তে সংবাদমেল সম্বোধন কৰি কয় যে, এই ঘটনাৰ দোষী সাৰি যাব নোৱাৰে। আহতসকলৰ স্বাস্থ্য বৰ্তমান সুস্থিৰ। এই সমগ্ৰ ঘটনা দণ্ডাধীশ পৰ্যায়ৰ তদন্ত চলি থকাৰ কথাও সদৰি কৰে তেওঁ।
উল্লেখ কৰা প্ৰয়োজন যে, এই ২৬গৰাকী মৃত লোকৰ ভিতৰত ৪গৰাকী হৈছে বিদেশী পৰ্যটক।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us