/asomiyapratidin/media/media_files/2025/12/08/juuidd-2025-12-08-11-52-52.jpg)
ডিজিটেল ডেস্কঃ গোৱাৰ নাইট ক্লাবত সংঘটিত হোৱা অগ্নিকাণ্ডত ২৫গৰাকীকৈ লোকৰ মৃত্যু খবৰে জোকাঁৰি গৈছে দেশক। ৪গৰাকী বিদেশী পৰ্যটকৰ সৈতে নাইট ক্লাবটোৰ বহুকেইগৰাকী কৰ্মচাৰীৰ মৃত্যু হয় এই অগ্নিকাণ্ডৰ ঘটনাত। অসমৰো তিনিগৰাকী যুৱকৰ মৃত্যু হৈছে এই ঘটনাত। মৃত এই আটাইকেইগৰাকী কৰ্মচাৰী গোৱাৰ নাইট ক্লাবটোৰ কৰ্মচাৰী আছিল বুলি জানিব পৰা গৈছে।
ইতিমধ্যে এই ঘটনাক লৈ মুখ্যমন্ত্ৰীয়ে দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিছে। অচিৰেই আঁচল দোষীক কৰায়ত্ত কৰি শাস্তি বিহা হ'ব বুলি আশ্বাস প্ৰদান কৰিছে মুখ্যমন্ত্ৰীয়ে। ইতিমধ্যে নাইট ক্লাবটো ছীল কৰা হৈছে। উক্ত নিশাটোৰ বহুকেইটা ভিডিঅ ইতিমধ্যে ভাইৰেল হৈছে সামাজিক মাধ্যমত।
ভাইৰেল হোৱা এটা ভিডিঅত দেখা গৈছে যে, উক্ত নিশা নাইট ক্লাবটোত নৰ্তকীয়ে নাচি থকাৰ সময়তে ওপৰৰ পৰা সৰি পৰিছিল জুঁইৰ ফিৰিঙঠি। বাদ্যযন্ত্ৰীসকলে প্ৰথমে সেই জুই প্ৰত্যক্ষ কৰিছিল। তাৰ কিছুসময়ৰ পিছতে জুইয়ে আৱৰি ধৰিছিল সমগ্ৰ ক্লাবটো। দুমহলীয়া সেই ক্লাবটোৰ তলৰ মহলত থকা মানুহখিনি বাহিৰলৈ ওলাই আহিব নোৱাৰাৰ কাৰনেই মৃত ব্যক্তিৰ সংখ্যা বৃদ্ধি পালে বুলি সদৰি কৰিছে প্ৰশাসনে।
উক্ত ভিডিঅটোঃ
🚨 Shocking Video Shows Chaos Just Before Deadly Goa Club Fire 😱🔥
— Voice Of Bharat 🇮🇳🌍 (@Kunal_Mechrules) December 7, 2025
- Exclusive footage from Birch by Romeo Lane in Baga captures panic moments before midnight cylinder blast kills 25, mostly staff trapped in the basement due to safety fails.
- Owner and manager arrested for… pic.twitter.com/MWWlHJnvuO
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us