/asomiyapratidin/media/media_files/2025/12/07/whatsapp-image-2025-12-07-13-15-54.jpeg)
ডিজিটেল ডেস্কঃ গোৱাত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। গোৱাৰ অৰপোৰাৰ "বাৰ্চ বাই ৰোমিঅ' লেন" নামৰ জনপ্ৰিয় নাইট ক্লাবত শনিবাৰে নিশা অগ্নিকাণ্ড সংঘটিত হয়। এই অগ্নিকাণ্ডত ২৫ জন লোকৰ মৃত্যু হয়। নিহতসকলৰ ভিতৰত আছে তিনিগৰাকী মহিলা আৰু কেইবাগৰাকীও বিদেশী পৰ্যটক। ক্লাবটোৰ কেইবাগৰাকীও সদস্যই এই অগ্নিকাণ্ডত প্ৰাণ হেৰুৱাই। ৰাজ্যখনৰ ৰাজধানী পানাজীৰ পৰা প্ৰায় ২৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত এই ক্লাবটো পৰ্যটকৰ মাজত জনপ্ৰিয় আছিল।
ইফালে, পাকঘৰৰ এটা গেছ চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত দুৰ্ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাৰ সময়ত ক্নাৱটোৰ ওপৰ মহলাত প্ৰায় ১০০ জন লোকে নৃত্য কৰি আছিল। তললৈ নামি অহা চিৰি ঠেক হোৱাৰ বাবে অধিক লোকৰ মৃত্যু হয়। মাজনিশাৰ আশে-পাশে অগ্নিকাণ্ডৰ তথ্য লাভ কৰাৰ লগে লগে আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনী, এম্বুলেন্সৰ দল ঘটনাস্থলীত উপস্থিত হয়। পিছে এই জুই ইমানেই তীব্ৰ আছিল যে ভিতৰত থকাসকলক বচাব নোৱাৰিলে উদ্ধাৰকাৰী দলে।
ক্লাৱটোৰ নিৰাপত্তাৰক্ষী সঞ্জয় কুমাৰ গুপ্তাই সদৰী কৰা অনুসৰি, "মোৰ কৰ্তব্যৰ সময় আছিল নিশা ৮ বজাৰ পৰা ৮ বজালৈ। জুই লাগিছিল নিশা ১১ বজাৰ পৰা ১২ বজাৰ ভিতৰত। হঠাতে জুই জ্বলি উঠিছিল। মই গেটত আছিলো। সেই সময়ত এজন ডিজে আৰু নৃত্যশিল্পী আহিবলৈ ওলাইছিল, আৰু তাত বহুত বেছি ভিৰ আছিল।"
আনহাতে সমগ্ৰ ঘটনা সন্দৰ্ভত গোৱাৰ আৰক্ষী সঞ্চালক প্ৰধান আলোক কুমাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। আৰক্ষী সঞ্চালক প্ৰধানে উল্লেখ কৰে, প্ৰাথমিক তদন্তৰ পৰা জানিব পৰা গৈছে যে অধিকাংশ লোকৰ মৃত্যু হৈছে শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ ফলত। একাংশ লোক সম্পূৰ্ণৰূপে জুুইত জ্বলি গৈছে।
ইফালে, ঘটনাস্থলী পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তই কয়, প্ৰত্যক্ষভাৱে পোৰাৰ ফলত তিনিজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে বাকীসকলৰ বিষাক্ত ধোঁৱা উশাহ লোৱাৰ ফলত মৃত্যু হৈছে। তেওঁ লগতে উল্লেখ কৰে যে, নিহতসকলৰ অধিকাংশই নাইট ক্লাবৰ পাকঘৰত কৰ্মৰত কৰ্মচাৰী যিয়ে দুৰ্ঘটনাৰ সময়ত পলায়ন কৰিব পৰা নাছিল।
উল্লেখযোগ্য যে, ইতিমধ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে গোৱা আৰক্ষীয়ে। লগতে নিহতৰ পৰিয়াললৈ ২ লাখ টকা আৰু আহত সকললৈ ৫০ হাজাৰ টকাৰ সাহায্যৰ ঘোষণা কৰিছে গোৱা চৰকাৰে। ইয়াৰে কেইবাটাও মৃতদেহ জ্বলি ছাৰ-খাৰ হৈছে। মৰ্গত আপোনজনৰ মৃতদেহ চিনাক্ত কৰিবলৈ শাৰী পতা মৰ্মান্তিক দৃশ্যই সকলোকে আবেগিক কৰি তুলিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us