Advertisment

নিৰ্বাচনঃ গোৱাৰ নিবনুৱালৈ ‘আপ’- এ আগবঢ়াব ৩ হাজাৰকৈ ‘নিবনুৱা ভাট্টা’

নিৰ্বাচনঃ গোৱাৰ নিবনুৱালৈ ‘আপ’- এ আগবঢ়াব ৩ হাজাৰকৈ ‘নিবনুৱা ভাট্টা’

author-image
asomiyapratidin
New Update
নিৰ্বাচনঃ গোৱাৰ নিবনুৱালৈ ‘আপ’- এ আগবঢ়াব ৩ হাজাৰকৈ ‘নিবনুৱা ভাট্টা’

ডিজিটেল ডেস্কঃ সমাগত দেশৰ ৫ ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচন। নিৰ্বাচনক কেন্দ্ৰ কৰি ব্যস্ত হৈ পৰিছে সকলো ৰাজনৈতিক দল। শাসনাধিস্থ বিজেপি দলৰ লগতে প্ৰধানবিৰোধী দল কংগ্ৰেছকে ধৰি সকলোৱে আৰম্ভ কৰিছে নিৰ্বাচনী কোচ-কাবাজ। ইয়াৰ মাজতে দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টীৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালে গোৱাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি বৃহৎ ঘোষণা কৰিছে।

Advertisment

ক্লিক কৰি পঢ়কঃ শীঘ্ৰে কামৰূপ মহানগৰ প্ৰশাসনে বন্ধ কৰিব এন পি এছ ইণ্টাৰনেচনেল স্কুল…

গোৱাৰ আগন্তুক বিধানসভাৰ নিৰ্বাচন প্ৰাৰ্থীত্ব আগবঢ়াব আম আদমী পাৰ্টীয়ে। ৰাজ্যখনৰ জনতাই আম আদমী পাৰ্টীক আদৰি ল'লে ৰাজ্যখনৰ প্ৰতিখন গ্ৰামাঞ্চলতে নিৰ্মাণ কৰিব একোখনকৈ বিদ্যালয়। ইয়াৰোপৰি দিল্লীত নিৰ্মাণ কৰা মহল্লা ক্লিনকৰ দৰে গোৱাৰ প্ৰতিখন গাঁৱতে একোখনকৈ ক্লিনিক খুলিব আপে।

ইয়াৰোপৰি কেজৰিৱালে কৈছে, গোৱাত ক্ষমতালৈ আহিলে আপে বিদ্যুৎ বিনামূলীয়াকৈ আগবঢ়াব। আনহাতে গোৱাৰ নিৱনুৱাসকলৰ বাবে নিযুক্তিৰ ব্যৱস্থা কৰিব। যিহেতু নিযুক্তি প্ৰদান কৰিবলৈ কিছু সময়ৰ প্ৰয়োজন হ'ব গতিকে নিযুক্তি প্ৰদান নকৰালৈকে ৰাজ্যখনৰ নিৱনুৱাক নিৱনুৱা ভাট্টা প্ৰদান কৰিব। প্ৰতিমাহে নিৱনুৱাক প্ৰদান কৰিব ৩০০০ হাজাৰকৈ টকা।