গোৱাত অসমৰ যুৱতীৰ ৰহস্যজনক মৃত্যু

অভিযুক্তই হত্যা কৰাৰ কথা স্বীকাৰ কৰিছে। এই কাণ্ডই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ইপিনে এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ গোৱাত নৃশংসতাৰ বলি হৈ মৃত্যুক সাৱতিলে  এগৰাকী অসমীয়া যুৱতীয়ে। ৰাছিয়াৰ এজন যুৱকে অতি নৃশংসভাৱে হত্যা কৰে আমগুৰিৰ মৃদুস্মিতা শইকীয়াক। ইপিনে এই ঘটনাত পোহৰলৈ আহিছে এক বিস্ফোৰক তথ্য - কেৱল এগৰাকীকেই নহয়, মুঠ ৩ গৰাকী যুৱতীক হত্যা কৰে যুৱকজনে। ইতিমধ্যে অভিযুক্তই হত্যা কৰাৰ কথা স্বীকাৰ কৰিছে। এই কাণ্ডই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

উল্লেখ্য যে, আমগুৰিৰ যুৱতীগৰাকীয়ে  প্ৰায় ৪ বছৰ ধৰি কৰ্মসূত্ৰে গোৱাত বাসবাস কৰি আছিল। মাঘ বিহুৰ দিনাই ভাড়াঘৰৰ মালিকে যুৱতীগৰাকীৰ মৃত্যু সন্দৰ্ভত পৰিয়ালৰ লোকক খবৰ দিয়াৰ পাছতে গোৱা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। 

এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ৰাছিয়ান যুৱক এলেক্সি লিয়োনোভক আটক কৰিছে। এই যুৱকজনৰ বিৰুদ্ধে পূৰ্বেও ৰাছিয়াৰ আন দুগৰাকী যুৱতীক গোৱাত হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। আৰক্ষীয়ে জনোৱা মতে, যুৱকজনে দীৰ্ঘ সময় ধৰি ভাৰতত বাস কৰি আছিল। বিগত সময়চোৱাত তেওঁ ভাৰতৰ কেইবাখনো চহৰ ভ্ৰমণ কৰিছিল আৰু সৰু সুৰা কাম কৰি জীৱন নিৰ্বাহ কৰিছিল।

যুৱতীগৰাকীৰ ড্ৰাগছ অভাৰডোজৰ ফলত মৃত্যু হোৱাৰ কথা পোহৰলৈ আহিছে। কিন্তু যুৱকজনে স্বীকাৰ কৰে, তেওঁ যুৱতীগৰাকীক ড্ৰাগছ দি হত্যা কৰাৰ কথা । ইয়াৰোপৰি আন দুগৰাকী ৰাছিয়ান যুৱতীক যুৱকজনে হত্যা কৰাৰ কথাও স্বীকাৰ কৰিছে । এই সমগ্ৰ কাণ্ড সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। 

গোৱা