/asomiyapratidin/media/media_files/2025/08/15/dsdsdsd-2025-08-15-18-43-40.jpg)
ডিজিটেল সংবাদ, গুৱাহাটীঃ গুৱাহাটীস্থিত জি এন টি চিন্ময় বিদ্যালয়ত বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয় দেশৰ ৭৯তম স্বাধীনতা দিৱস।
পুৱা ৯ বজাত বিদ্যালয়ৰ অধ্যক্ষ, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি আৰু সম্পাদক, লায়ন্স ক্লাব অফ গুৱাহাটীৰ সভাপতি লায়ন পংকজ পোদ্দাৰ (জিলা ৩২২জি) আৰু লায়ন্স ক্লাবৰ অন্যান্য সদস্য সকলে বিদ্যালয়খনৰ শিক্ষাৰ্থী সকলৰ সৈতে মিলি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। পতাকা উত্তোলনৰ পাছত উপস্থিত সকলোৱে পৰিৱেশন কৰে ৰাষ্ট্ৰীয় সংগীত।
এই অনুষ্ঠানত বিশেষ অতিথি হিচাপে উপস্থিত থাকি লায়ন্স ক্লাবৰ সভাপতি লায়ন পংকজ পোদ্দাৰে সংবিধানিক মূল্যবোধ, স্বাধীনতা, সমতা আৰু ভ্ৰাতৃত্বৰ প্ৰাসংগিকতাৰে শিক্ষাৰ্থীসকলক পৰিছন্নতা, ডিজিটেল জ্ঞান আৰু সমাজ সেৱাত আগবাঢ়ি অহাৰ বাবে আহ্বান জনায়। লগতে তেওঁ স্বেচ্ছাসেৱী মনোভাৱ জীয়াই ৰাখি সমাজ কল্যাণমূলক কৰ্মত সক্ৰিয় অংশগ্ৰহণৰো অনুৰোধ কৰে সভাপতিগৰাকীয়ে।
আনহাতে, স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা সাংস্কৃতিক কাৰ্যসূচীত দেশভক্তিমূলক গীত পৰিৱেশন আৰু একতা-অখণ্ডতা উদযাপন কৰাৰ লক্ষ্যৰে শাস্ত্ৰীয়-ফিউজন নৃত্য প্ৰদৰ্শন কৰা হয়। একেদৰে, স্কাউট-গাইড আৰু এন.চি.চি. কেডেটসকলৰ শৃংখলাবদ্ধ মাৰ্চ-পাষ্টে উপস্থিত সকলৰ প্ৰশংসা অৰ্জন কৰে।
অনুষ্ঠানৰ অন্তত বিদ্যালয়ৰ কৃতজ্ঞতা জ্ঞাপন, আৰু শিক্ষক সকলৰ দ্বাৰা আয়োজন কৰা মনোৰঞ্জনমূলক খেল-ধেমালিৰে দিনটোৰ পৰিসমাপ্তি ঘটে। এই কাৰ্যসূচী সমূহে শিক্ষাৰ্থীসকলৰ অন্তৰত দেশপ্ৰেমৰ অনুভূতিৰ লগতে দায়িত্বশীল নাগৰিক আৰু নৈতিক নেতা হিচাপে গঢ়ি উঠাৰ অনুপ্ৰেৰণা যোগায়।