/asomiyapratidin/media/media_files/2025/12/30/new-ap-web-11-11-24-new-2-2025-12-30-21-57-23.jpg)
ডিজিটেল ডেস্কঃ জিএনআইচ সার্বজনীন স্বাস্থ্য অভিযান আক জিএনআৰচি গ্ৰুপ অৱ হাস্পতালছৰ প্রতিষ্ঠাপক ডাঃ নোমল চন্দ্র বৰাক পাঁচটাতকৈও অধিক দশক ধৰি স্বাস্থ্যসেৱা স্নায়ুবিজ্ঞান নাচিং শিক্ষাৰ নেতৃত্ব আৰু সামূহিক বিকাশৰ ক্ষেত্ৰত তেওঁৰ প্ৰগতিশীল অৱদাননক স্বীকৃতি দি ইণ্ডিয়ান একাডেমী অৱ নিউৰ'লজী আৰু অছ'চিয়েশ্যন অৱ নাৰ্ছ এক্সিকিউটিভৰ দ্বাৰা ক্ৰমান্বয়ে লাইফটাইম এচিভমেন্ট এৱাৰ্ড আৰু লাইফটাইম এচিভমেন্ট এৱাৰ্ড ২০২৫ ৰে সন্মানিত কৰা হৈছে।
স্নায়ুবিজ্ঞানীসকলৰ শীৰ্ষ ৰাষ্ট্ৰীয় সংস্থা ইণ্ডিয়ান একাডমী অৱ নিউৰ'লজী ভাৰতত স্নায়ুবিজ্ঞান, গৱেষণা, শিক্ষা আৰু ক্লিনিকেল মানদণ্ডৰ অগ্ৰগতিৰ বাবে দায়বদ্ধ। আই. এ. এন লাইফটাইম এচিভমেন্ট এৱাৰ্ডে দেশৰ স্নায়ুবিজ্ঞানৰ বিকাশ আৰু উৎকৃষ্টতাত বাতিক্রমী অৱদান আগবঢ়োৱা স্নায়ুবিজ্ঞানীসকলক স্বীকৃতি দিয়ে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/30/1-1-2025-12-30-21-57-38.jpeg)
আইএএনএ ডাঃ বৰাৰ 'ধৈর্য্য , সংকল্প আক সেৱাৰ বিস্ময়কৰ জীৱন কাহিনী" ৰ প্ৰশংসা কৰি উল্লেখ কৰিছে যে তেওঁ কেনেকৈ সাধৰণ আৰম্ভণিৰ পৰা ভাৰতৰ অন্যতম সন্মানীয় স্নায়ুবিজ্ঞানী হৈ উঠিছে। ইপিনে বঁটাটিৰ সৈতে প্ৰদান কৰা মানপত্ৰখনিত উত্তৰ-পূৱ ভাৰতৰ প্ৰথমটো স্নায়ুবিজ্ঞানৰ সৰ্বসেৱা কেন্দ্ৰ স্থাপন, পূৰ্বতে ঢুকি নোপোৱা লোকসকললৈ স্নায়ুৰোগৰ চিকিৎসেৱা সম্প্ৰসাৰণ আৰু অঞ্চলটোত স্নায়ুৰোগৰ ডিএনবি প্ৰশিক্ষণ আৰম্ভ কৰাৰ ক্ষেত্ৰত তেওঁৰ সততা, আত্ম-বিশ্বাস আৰু অধ্যৱসায়ৰ ওপৰত আলোকপাত কৰা হৈছে।
আই এ এন- এ তেওঁৰ ব্যাপক গৱেষণা প্ৰচুৰ প্রকাশন, আৰু এজন পৰামৰ্শদাতা আৰু সামাজিক উদ্যোগী হিচাৰপে তেওঁ মৰ্যাদাৰ প্ৰসংশা কৰি তেওঁৰ যাত্ৰাক ৰাজ্য আৰু ৰাষ্ট্ৰৰ বাবে স্মৰণীয় আৰু যুৱ প্ৰজন্মই অনুকৰণ কৰাৰ বাবে এক অনুপ্ৰেৰণা বুলি অভিহিত কৰে।
এছ'চিয়েশ্যন অৱ নাৰ্ছ এক্সিকিউটিভ হৈছে জ্যেষ্ট নাৰ্ছিং নেতৃত্ব শিক্ষাবিদ আৰু প্ৰশাসকসকলক প্ৰতিনিধিত্ব কৰা দেশৰ প্ৰধান পেছাদাৰী সংস্থা। এএনই আইএ নাৰ্ছিং প্ৰশাসনক শক্তিশালী কৰা , পেছাদাৰী উৎকৃষ্টতাতৰ প্ৰচাৰ কৰা আৰু ভাৰতৰ নাৰ্ছিং কৰ্মছাৰীসকলক উন্নীত কৰা নীতি প্ৰস্তুত কৰা দীশত কাম কৰে। ইপিনে এএনই আইএ ইয়াৰ মানপত্ৰত ডাঃ বৰাক এগৰাকী দূৰদৰ্শনশীল স্নায়ু বিজ্ঞানী আৰু সমপিত সমাজ সংস্কাৰক হিচাপে প্ৰসংশা কৰি তেওঁৰ অগ্ৰণা পদক্ষেপসমূহৰ ওপৰত আলোকপাত কৰে যাৰ ভিতৰত আছে জিএনআৰচি মেডিৰিচ, স্বাস্থ্যমিত্র, আৰু সাৰ্বজনীন স্বাস্থ্য অভিযান-যি সাধাৰণ ৰাইজলৈ প্ৰতিৰোধমূলক আৰু সুলভ স্বাস্থ্যসেৱা সম্প্ৰসাৰিত কৰিছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/30/2-1-2025-12-30-21-57-54.jpeg)
এছ’চিয়েশ্যনে ভাৰতত বৰ্তমান নাৰ্ছিং শিক্ষা আৰু নেতৃত্বৰ বাবে এক সন্মানীয় কেন্দ্ৰ হিচাপে এছিয়ান ইনষ্টিটিউট অৱ নাৰ্চিং এডুকেশ্বন (২০০৪) প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত তেওঁৰ ভূমিকাক স্বীকাৰ কৰে।
এই সন্দৰ্ভত কৃতজ্ঞতা প্ৰকাশ কৰি ডাঃ বৰাই কয়ঃ "এই বঁটাসমূহ প্ৰকৃততে মোৰ ৰোগীসকল আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্য, সহকৰ্মী, পথ প্ৰদৰ্শক, শিক্ষাৰ্থী, আৰু জিএনআৰচি পৰিয়ালৰহে। মই আজীৱন স্ৱাস্থ্যসেৱাক অধিক নৈতিক, ন্যায়সংগত আৰু সকলোৰে বাবে সুলভ কৰি তুলিবলৈ প্ৰতিশ্ৰুতিবদ্ধ আৰু সেই লক্ষ্য় অভিমুখে সদায় কাম কৰি আহিছো। "
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us