শোণিতপুৰত GNRC হাস্পতালৰ ষ্ট্ৰ'ক প্ৰতিৰোধ-সজাগতা কাৰ্যসূচী সম্পন্ন

প্রতিৰোধ মূলক স্বাস্থ্যসেৱাৰ প্ৰতি নিজৰ দায়বদ্ধতা পুনৰ দৃঢ় কৰি জিএনআৰচি হাস্পতালৰ তৰফৰ পৰা জানুৱাৰী মাহটোক ‘ষ্ট্ৰ'ক প্রতিৰোধ আৰু সজাগতা মাহ' হিচাপে পালন কৰা হৈছে।

author-image
Asomiya Pratidin
New Update
sonitopoooo

ডিজিটেল সংবাদ, তেজপুৰ: প্রতিৰোধ মূলক স্বাস্থ্যসেৱাৰ প্ৰতি নিজৰ দায়বদ্ধতা পুনৰ দৃঢ় কৰি জিএনআৰচি হাস্পতালৰ তৰফৰ পৰা জানুৱাৰী মাহটোক ‘ষ্ট্ৰ'ক প্রতিৰোধ আৰু সজাগতা মাহ' হিচাপে পালন কৰা হৈছে। দিনকদিনে বৃদ্ধি পাই অহা ষ্ট্ৰ'ক ৰোগীৰ সংকটৰ সৈতে মোকাবিলা কৰিবলৈ শুকুৰবাৰে তেজপুৰৰ তৰুণ অসম সংঘত এখন সংবাদমেল আয়োজন কৰা হয়।

সংবাদমেলত উপস্থিত থাকি ষ্ট্ৰ'কৰ বিষয়ে নিজৰ বক্তব্য দাঙি ধৰে জিএনআৰচি দিছপুৰৰ স্নায়ুশৈল্য বিশেষজ্ঞ ডাঃ ভাস্কৰ শৰ্মা আৰু জিএনআৰচি ছয়মাইল শাখাৰ স্নায়ুৰোগ বিশেষজ্ঞ ডাঃ কিনজাং বাংডা আৰু জিএনআৰচি এম্বুলেন্স সেৱাৰ মুৰব্বী ৰছিদুল ইছলামে। 

77dbf9f2-dfe6-475f-9e6a-caaf950dc138

দুয়োগৰাকী বিশেষজ্ঞই ষ্ট'কৰ চিকিৎসা আৰু প্ৰতিৰোধমূলক দিশসমূহৰ বিষয়ে আলোচনা কৰাৰ বিপৰীতে এম্বুলেন্স সেৱাৰ মুৰব্বী ৰছিদুল ইছলামে ৰোগী চিকিৎসালয়লৈ অনাৰ পূৰ্বৰ যত্ন (Pre-hospital-care)- দ্রুত এম্বুলেন্স সেৱাৰ পৰা আৰম্ভ কৰি ৰোগীক সঠিক চিকিৎসা কেন্দ্রলৈ তাৎক্ষনিকভাৱে লৈ যোৱাৰ গুৰুত্বৰ বিষয়ে সাংবাদিকসকলক অৱগত কৰে।

ষ্ট্ৰ'ক এক নীৰৱ ঘাতক ৰূপে সমাজত ক্রমান্বয়ে দ্রুতগতিত বৃদ্ধি পাই আহিছে। বর্তমান সমাজত ষ্ট্ৰ'ক বিশ্বজুৰি মৃত্যু আৰু পংগুত্বৰ এক অন্যতম প্রধান কাৰণ হৈ পৰিছে। চিকিৎসকসকলে ইয়াৰ উদ্বেগজনক কাৰকসমূহ আঙুলিয়াই দি জনায় যে- আমাৰ বর্ধিত বয়সৰ জনসংখ্যা, শাৰীৰিক পৰিশ্ৰম অবিহনে জীৱনশৈলী, দীর্ঘদিনীয়া মানসিক চাপ, অনিয়ন্ত্রিত ৰক্তচাপ আৰু ডায়েবেটিছৰ লগতে ধঁপাত আৰু মদ্যপানৰ ব্যৱহাৰৰ ফলত ষ্ট্ৰ'কৰ সংখ্যা দিনকদিনে বৃদ্ধি পাইছে। 

WhatsApp Image 2026-01-30 at 4.30.34 PM

অসমত প্রতিদিনে প্রায় ২০০ জন লোক ষ্ট্ৰ'কত আক্রান্ত হয়। ৰাজ্যখনত বছৰি ৭২,০০০ তকৈ অধিক ষ্ট্ৰ'ক ৰোগী পঞ্জীয়ন কৰা হয়। কিন্তু ইমান অস্বাভাবিকভাৱে ষ্ট্ৰ'ক ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ পিছতো আমাৰ সমাজৰ জনসাধাৰণৰ মাজত ষ্ট্ৰ'কৰ সজাগতাৰ অভাৱ দেখা যায়।

চিকিৎসকসকলে জনায় যে সৰ্বসাধাৰণ ৰাইজে ষ্ট্ৰ'কৰ প্ৰাৰম্ভিক পৰ্যায়ৰ লক্ষণসমূহৰ বিষয়ে জানিলে ৰোগীক মৃত্যু তথা আজীবন পংগুত্ব হোৱাৰ পৰা ৰক্ষা কৰিব পাৰে। তেওঁলোকে সকলোকে F.A.S.T. সুত্রটো মনত ৰাখিবলৈ আহ্বান জনায়:

F (Face): মুখৰ এফাল বেকা হোৱা
A (Arm): বাহুৰ দুৰ্বলতা বা জিনজিননি
S (Speech): কথা কওঁতে অসুবিধা হোৱা বা শব্দবোৰ অস্পষ্ট হোৱা
T (Time): পলম নকৰি লগে লগে এম্বুলেন্সৰ লগত যোগাযোগ কৰা।

c4830fc5-36f1-40f5-845b-dfede8f2982e

ষ্ট্ৰ'ক ৰোগীক 'গ'ল্ডেন আৱাৰ' বা সোণালী সময়ৰ ভিতৰত চিকিৎসা আৰম্ভ কৰিব পাৰিলে বহু ৰোগীক মৃত্যু আৰু আজীবন পক্ষাঘাত হোৱাৰ পৰা ৰক্ষা কৰিব পাৰি। ডাঃ বাংডাই জনায় যে- ষ্ট্র'কক আপোনালোকে 'ব্রেইন এটেক' হোৱা বুলি ভাবিব পাৰে। ষ্ট্ৰ'কত আক্রান্ত ৰোগীৰ বাবে প্রতিটো মুহূর্ত অতি মূল্যবান। যেতিয়া মগজুলৈ তেজৰ চলাচল বন্ধ হয়, তেতিয়াই মগজুৰ কোষবোৰ মৰিবলৈ ধৰে। আমি প্রায়ে বহু ৰোগী হাস্পতাললৈ পলমকৈ অহা দেখিবলৈ পাওঁ। হাস্পতাললৈ আহোতে পলম হোৱাৰ বাবে ৰোগীৰ মগজুৰ যথেষ্ট পৰিমাণে ক্ষতি হয়। লগতে ষ্ট্ৰ'কৰ আধুনিক চিকিৎসাসমূহ প্রয়োগ কৰি ৰোগীক সহায় কৰিবৰ বাবে ষ্ট্ৰ'ক ব্যৱস্থা থকা হাস্পতালত ৰোগীজনক তিনি ঘণ্টাৰ ভিতৰত ভৰ্তি কৰিব লাগিব। সেয়েহে প্রতিটো মুহূর্ত ৰোগীজনৰ পৰিয়াল সজাগ হৈ থাকিব লাগিব। সেয়েহে যদিহে জনসাধাৰণে ষ্ট্ৰ'কৰ লক্ষণবোৰ বিষয়ে ভালদৰে জানি দ্রুত পদক্ষেপ হাতত ল'লে আমি বহু লোকৰ জীৱন ৰক্ষা কৰিব পাৰিম আৰু পক্ষাঘাটো প্রতিবোধ কৰিব পাৰিম।

ডাঃ ভাস্কৰ শৰ্মাই কয় যে- "আপোনালোকে জানি সুখী হ'ব যে ৯০ শতাংশ ষ্ট্ৰ'ক প্রতিৰোধযোগ্য। সৰ্বসাধাৰণ ৰাইজে কিছুমান সাধাৰণ তথা সহজ জীৱন ৰক্ষাকাৰী উপায় অৱলম্বন কৰিলে- যেনে নিয়মিত ৰক্তচাপ পৰীক্ষা কৰা, ডায়েবেটিছ নিয়ন্ত্ৰণ কৰা, ধূমপান আৰু সুৰাপান ত্যাগ কৰা, শাৰীৰিকভাবে সক্রিয় থকা আৰু মানসিক চাপ নিয়ন্ত্রণ কৰিব পাৰিলে- আমি ষ্ট্ৰ'কৰ পৰা নিজকে বহু পৰিমাণে ৰক্ষা কৰিব পাৰিম। ষ্ট্ৰ'ক মাৰাত্মক যদিও আমাৰ হাতত ইয়াক প্রতিৰোধ কৰাৰ ক্ষমতাও আছে।"
ইফালে, এম্বুলেন্স সেৱা হ'ল আপোনালোকৰ বাবে প্ৰথম প্ৰতিৰক্ষা কৱচ বুলি ৰছিদুল ইছলামে সকলোকে পুনৰাই সোঁৱৰাই দিয়ে। ষ্ট্ৰ'কত আক্রান্ত ৰোগীৰ সহায়ৰ বাবে ফোন কৰা মুহূৰ্তৰ পৰাই ৰোগীৰ জৰুৰীকালীন সেৱা আৰম্ভ হয়। তেওঁ কয়, "ৰোগীৰ সোনকালে লক্ষণ চিনাক্ত কৰা, ৰোগীক সঠিকভাবে পৰিচালনা কৰা আৰু তেওঁলোকক 'ষ্ট্ৰ’ক সাজু' (stroke-ready) হাস্পতাললৈ নিয়া- এই সেৱাই এজন ব্যক্তিৰ সুস্থ হোৱা আৰু আজীৱন অক্ষমতাৰ মাজত পাৰ্থক্য আনিব পাৰে।"

skdjfksdjjdfkhkj

আনহাতে, চিকিৎসকসকলে স্পষ্ট কৰি দিয়ে যে সকলো হাস্পতাল ষ্ট্ৰ'কৰ জৰুৰীকালীন অৱস্থা চম্ভালিবলৈ সক্ষম নহয়। এখন ষ্ট্ৰ'ক সাজু হাস্পতালত ২৪ ঘণ্টাই তলত দিয়া সুবিধাসমূহ থকাটো প্রয়োজন:

  • প্রশিক্ষিত ক্রিটিকেল কেয়াৰ টিমৰ সৈতে 24x7 আই চি ইউ (ICU)
  • 24x7 স্নায়ু ৰোগ বিশেষজ্ঞ উপলব্ধ
  • জৰুৰীকালীন শল্য চিকিৎসাৰ বাবে 24x7 স্নায়ু শল্য বিশেষজ্ঞৰ সুবিধা থকা
  • উন্নত চিকিৎসাৰ বাবে 24x7 নিউৰোভাস্কুলাৰ লেব
  • 24x7 চিটি স্কেন (CT Scan) আৰু লগে লগে বিপর্ট পোৱাৰ সুবিধা

ডাঃ বাংডাই লগতে জনায় যে, "যেতিয়া এজন ষ্ট্ৰ'ক ৰোগী আহে, তেতিয়া ৰোগীক ৰাতিপুৱাৰ শ্বিফটলৈ ৰৈ থকা বা আন ঠাইলৈ ৰেফাৰ কৰাৰ সময় নাথাকে। ৰোগীক শীঘ্রেই চিকিৎসা প্রদান কৰিবলৈ সকলো বস্তু সকলো সময়তে লগে লগে সাজু থাকিব লাগে।" 

জিএনআৰচি হাস্পতাল হৈছে উত্তৰ-পূব ভাৰতৰ ভিতৰত এনে এখন স্বীকৃত 'ষ্ট্ৰ'ক-বেডী' হাস্পতাল, য'ত এই সকলোবোৰ গুৰুত্বপূর্ণ সুবিধা ২৪ ঘণ্টাই সকলো সময়তে একেঠাইতে উপলব্ধ।  এখন সুস্থ অসমৰ বাবে জিএনআৰচিৰ দৃষ্টিভংগী, সজাগতা অভিযান, জন সম্পৰ্কৰক্ষী কাৰ্যসূচী আৰু জৰুৰীকালীন ষ্ট্ৰ'ক সেৱা শক্তিশালী কৰাৰ জৰিয়তে এখন 'সুস্থ অসম' গঢ়ি তুলিবলৈ জিএনআৰচি হাস্পতাল সদায় দায়বদ্ধ।

চিকিৎসকসকলে সংবাদ মাধ্যমকো এই জীৱন ৰক্ষাকাৰী তথ্য প্রচাৰ আৰু প্ৰসাৰ কৰাত সহায় কৰিবলৈ আহ্বান জনায়। আপোনালোকৰ সহায়ত আমি প্রতিখন ঘৰলৈ এই সংবাদ দিব পাৰো যে- ষ্ট্ৰ'ক প্রতিৰোধযোগ্য, চিকিৎসাযোগ্য আৰু ইয়াত সময়ৰ গুৰুত্ব অপৰিসীম।

শোণিতপুৰ