জিএনআৰচি হাস্পতালৰ উদ্যোগত ঘগ্ৰাপাৰত বিশাল স্বাস্থ্য পৰীক্ষা শিবিৰ

জিএনআৰচি হাস্পতালৰ তৰফৰ পৰা আজি ঘগ্ৰাপাৰৰ বনভাগ জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ত এক বিশাল স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন কৰা হয়।

author-image
Asomiya Pratidin
New Update
vdsfewrwed

ডিজিটেল সংবাদ, ঘগ্ৰাপাৰঃ জিএনআৰচি হাস্পতালৰ তৰফৰ পৰা আজি ঘগ্ৰাপাৰৰ বনভাগ জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ত এক বিশাল স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন কৰা হয়। বিশেষকৈ অসমৰ নিম্ন আৰু মধ্যম আয়ৰ পৰিয়াল সমূহক সার্বজনীন স্বাস্থ্যসেৱা প্ৰদানৰ বাবে জিএনআৰচি হাস্পতালত অব্যাহত থকা অভিযানৰ অংশ হিচাপে এই শিবিৰ অনুষ্ঠিত কৰা হয়। উক্ত শিবিৰত ৬০০ ৰো অধিক ৰাইজে স্নায়ুৰোগ, স্নায়ুশৈল্য, হৃদৰোগ, মুত্রাশয়ৰ ৰোগ, সাধাৰণ শল্য চিকিৎসা ৰোগ, অস্থিৰোগ আৰু মেডিচিন বিভাগৰ ৰোগীসকলে বিনামুলীয়াকৈ চিকিৎসকৰ পৰামৰ্শ লাভ কৰিবলৈ সক্ষম হয়।

জিএনআৰচি হাস্পতালৰ স্নায়ুশৈল্য বিশেষজ্ঞ ডাঃ অমৃত কুমাৰ শইকীয়াই এই শিবিৰত উপস্থিত থাকি স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰে। তেওঁ নিজৰ ব্যক্তিগত অভিজ্ঞতা ব্যক্ত কৰি অসমৰ জনসাধাৰণৰ বাবে সাৰ্বজনীন স্বাস্থ্যসেবা প্রদানৰ প্ৰতি নিজৰ দায়বদ্ধতা পুনৰ দৃঢ় কৰে।

ৰাইজক সম্বোধন কৰি ডাঃ শইকীয়াই জনায় যে, "স্বাস্থ্যসেৱা এক মৌলিক মানৱ অধিকাৰ। সীমিত সামর্থ্য থকাসকলেও যাতে আর্থিক বোজা বহন নকৰাকৈ স্বাস্থ্যৰ যত্ন ল'ব পাৰে, তাৰ বাবে আমি অসমৰ প্ৰতিটো কোণলৈ উচ্চ মানদণ্ডৰ চিকিৎসা সেবা আগবঢ়াই নিয়াৰ বাবে সংকল্পবদ্ধ।”

স্বাস্থ্যসেৱাৰ খৰচৰ সৈতে জড়িত অর্থনৈতিক চাপ দূৰ কৰাৰ লক্ষ্যৰে অসমৰ জনসাধাৰণৰ বাবে নগদবিহীন চিকিৎসাসেৱা আগবঢ়োৱাৰ বাবে জিএনআৰচি হাস্পতালত অব্যাহত থকা প্রচেষ্টাক ৰাইজৰ আগত দাঙি ধৰে লগতে তেওঁ জনায় যে- আমি বিশ্বনাথ চাৰিআলিৰ ডুবিয়াত "ডুবিয়া উন্নয়ন প্রকল্প" নামেৰে এখনি আঁচনি আৰম্ভ কৰিছো। এই আঁচনিৰ যোগেদি যিসকল ৰাইজৰ খেতিৰ মাটি আছে কিন্তু বর্ধিত উৎপাদন ব্যয়ৰ বাবে খেতি কৰিব পৰা নাই নতুবা নতুন প্ৰজন্মৰ যিসকলে আয়ৰ মাত্রা কম হোৱাৰ বাবে খেতিৰ প্ৰতি আগ্ৰহী নহয়, তেওঁলোকক খেতিৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ লগতে আয়ৰ মাত্রা বৃদ্ধি কৰিবলৈ আমি বিভিন্ন পদ্ধতি অৱলম্বন কৰিছো।

তেওঁ লগতে উল্লেখ কৰে যে, এই আঁচনিৰ জৰিয়তে জলসিঞ্চন, সাৰ আদিৰ বাবে আধুনিক কৃষি কৌশল গ্রহণ কৰি আমি কৃষি উৎপাদন চাৰিগুণ বৃদ্ধি কৰিবলৈ সক্ষম হৈছো। বর্তমান আমি কৃষিৰ অতিৰিক্ত উৎপাদনৰ পৰা এটা কর্পাছ নির্মাণ কৰাৰ পৰিকল্পনা কৰিছো যাৰ পৰা আমি অংশগ্ৰহণকাৰীসকলক বিনামূলীয়া স্বাস্থ্যসেৱাৰ সুবিধা প্ৰদান কৰাৰ পদক্ষেপ গ্রহণ কৰিছো।

এই স্বাস্থ্য পৰীক্ষা শিবিৰৰ সফলতাই সমাজৰ অভাৱগ্রস্ত শ্ৰেণীৰ বাবে বিভিন্ন পদক্ষেপৰ জৰুৰী প্ৰয়োজনীয়তা সমূহৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে। উত্তৰ-পূব ভাৰতত স্নায়ুজনিত সেৱাৰ অগ্রণী হিচাপে পৰিচিত জিএনআৰচি হাস্পতালে চিকিৎসাৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে তৃতীয় পৰ্য্যায়ৰ স্বাস্থ্যসেবা অহৰহ সম্প্ৰসাৰণ কৰি আহিছে।

এই বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰটো অঞ্চলটোৰ কম আয়ৰ লোকসকলৰ বাবে উচ্চমান বিশিষ্ট স্বাস্থ্যসেবা নিশ্চিত কৰিবলৈ জিএনআৰচি চিকিৎসালয়ে পৰিকল্পনা কৰা বহু অগ্ৰণী প্ৰচেষ্টাৰ ভিতৰত অন্যতম। স্বাস্থ্য শিবিৰত উপস্থিত থকা লোকসকলে বিশেষজ্ঞ চিকিৎসকৰ পৰা নগদবিহীন পৰামৰ্শ লাভ কৰাৰ সুযোগ পোৱাৰ বাবে কৃতজ্ঞতা প্রকাশ কৰে।

অঞ্চলটোৰ ৰাইজে জিএনআৰচি হাস্পতালৰ ছুপাৰ স্পেচিয়ালিষ্ট বিশেষজ্ঞ ক্রমে স্নায়ুশৈল্য বিশেষজ্ঞ ডাঃ অমৃত কুমাৰ শইকীয়া, স্নায়ুৰোগ বিশেষজ্ঞ ডাঃ আলফৰিদ শাহিদ আলী আৰু ডাঃ সুভাষ ভূইন, স্ত্রী আৰু প্রসূতি ৰোগ বিশেষজ্ঞ ডাঃ ইশিতা দাস, শিশুৰোগ বিশেষজ্ঞ ডাঃ দেৱৰাজ কলিতা, ইউৰ'লজিষ্ট ডাঃ সৌৰভকুমাৰ দাস, মেডিচিন বিশেষজ্ঞ ডাঃ কুৱেচাৰ জাভেদৰ চিকিৎসা পৰামৰ্শ নিজৰ ঘৰতে লোৱাৰ সুযোগ লাভ কৰে। এই শিবিৰৰ জৰিয়তে ৰাইজে বিনামূলীয়াকৈ বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ, ৰক্তচাপ আৰু ৰক্ত শৰ্কৰা পৰীক্ষা, ইচিজিৰ লগতে চিকিৎসকৰ পৰামৰ্শ লাভ কৰে। এই স্বাস্থ্য পৰীক্ষা শিবিৰত জিএনআৰচি উত্তৰ গুৱাহাটীৰ জৰুৰীকালীন বিভাগৰ মুৰব্বী ডাঃ অনুপম বৰগোঁহাইয়ে প্রাথমিক জীৱন ৰক্ষা চিকিৎসা পদ্ধতিৰ (Basic life supprot) ওপৰত এক বিশেষ প্রশিক্ষণো আগবঢ়ায়।

উল্লেখযোগ্য যে, জিএনআৰচি হাস্পতাল সমগ্র অসমতে নগদবিহীন, সার্বজনীন স্বাস্থ্যসেৱা প্রদানৰ ক্ষেত্ৰত আগভাগ লৈ সকলোৰে বাবে সুস্থ ভৱিষ্যত সৃষ্টিৰ বাবে উৎসর্গিত হৈ আছে। প্রতিজন ব্যক্তিয়ে তেওঁলোকৰ আৰ্থিক অৱস্থা নির্বিশেষে বিশ্বমানৰ স্বাস্থ্যসেবা পোৱাটো নিশ্চিত কৰিবৰ বাবে জিএনআৰচি হাস্পতালে চেষ্টা অব্যাহত ৰাখিছে।

জিএনআৰচি