/asomiyapratidin/media/media_files/2024/11/24/rEk1NCv2bgO39LxOY9u2.jpg)
ডিজিটেল সংবাদ,গুৱাহাটী: জিএনআৰচি গুড হেল্থ হাস্পতালৰ উদ্যোগত শুকুৰবাৰে গুৱাহাটী হেঙেৰাবাৰীস্থিত জিএনআৰচি মেডিশ্বপত আজি এটি বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন কৰা হয়।
উক্ত চিকিৎসা শিবিৰত ১২৫গৰাকীতকৈও অধিক ব্যক্তিৰ স্বাস্থ্য পৰীক্ষা কৰে জিএনআৰচি গুড হেল্থ হাস্পতালৰ স্নায়ু ৰোগ বিশেষজ্ঞ ডাঃ অপৰাজিতা বৰ্মন আৰু মেডিচিন বিভাগৰ চিকিৎসক ডাঃ সুস্মিতা দেৱে।
শিবিৰত উপস্থিত লোকসকলৰ বিনামূলীয়াকৈ তেজৰ শৰ্কৰা, ৰক্তচাপ আৰু ইচিজি পৰীক্ষা কৰাৰ লগতে ব্যক্তিৰ ৰোগ অনুযায়ী খাদ্যৰ তালিকা এখনো আগবঢ়োৱা হয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us