/asomiyapratidin/media/media_files/2025/09/23/gmch-23-2025-09-23-03-59-07.jpg)
ডিজিটেল ডেস্কঃ গোটেই নিশা উজাগৰে থাকি পুৱতি নিশা জি এম চি এইছৰ ওচৰলৈ আহি লুচী-ভাজি খোৱাৰ নিয়ম আছিল জুবিন গাৰ্গৰ। বিহুৰ অনুষ্ঠান কৰি আহিও জি এম চি এইছৰে কাষৰে চিনাকী পদপথৰ হোটেলত তেওঁ খাইছিল লুচী-ভাজি।
গুৱাহাটীখন এৰি একেবাৰে যোৱাৰ সময়ত তেওঁনো এতিয়া কেনেকৈ শেষ বাৰৰ বাবে জি এম চি এইছৰ পথটোৰে এপাক ঘূৰি নাযাব? গুৱাহাটীখন একেবাৰে এৰি যোৱাৰ প্ৰাক সময়ত সেয়ে এতিয়া তেওঁ আহিছে জি এম চি এইছলৈ।
আজি তেওঁ ইয়াত লুচী-ভাজি নাখায়। অনুৰাগীৰ মৰমৰ অত্যাচাৰত যোৱা দিন কেইটাত ক্লান্ত হৈ পৰা জুবিন গাৰ্গে এতিয়া কিছু অকলশৰে সময় কটাব। জি এম চি এইছৰ মৰ্গতে অকলে থাকিব কিছু সময়।
জি এম চি এইছৰ বাহিৰে, ভিতৰে নিৰাপত্তাৰক্ষী। বন্ধ কৰি দিয়া হৈছে মৰ্গলৈ আহিব পৰা বাকী সকলো পথ। প্ৰবেশত বাধা আছে সংবাদ মাধ্যমৰো। অনুৰাগীৰ আগমণো সম্পূৰ্ণৰূপে নিষিদ্ধ। অনুৰাগীৰ বাবেই তেওঁক কৰা হ'ব পুনৰ এবাৰ মৰণোত্তৰ পৰীক্ষা।