GMCHত শিশু মৃৃত্যুৰ ঘটনাক লৈ কোনে কোনে পালে শাস্তি...

জি এম চি এইচৰ শিশু আই চি ইউত নৱজাতকৰ মৃত্যুৰ ঘটনাক লৈ তদন্ত কমিটিয়ে প্ৰতিবেদন দাখিল কৰাৰ পিছতে সেই প্ৰতিবেদনৰ ভিত্তিত বিভাগীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে অভিযুক্তসকলৰ বিৰুদ্ধে।  তদন্ত কমিটীৰ

author-image
Asomiya Pratidin
New Update
UJJJD

ডিজিটেল ডেস্কঃ  জি এম চি এইচৰ শিশু আই চি ইউত নৱজাতকৰ মৃত্যুৰ ঘটনাক লৈ তদন্ত কমিটিয়ে প্ৰতিবেদন দাখিল কৰাৰ পিছতে সেই প্ৰতিবেদনৰ ভিত্তিত বিভাগীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে অভিযুক্তসকলৰ বিৰুদ্ধে।  তদন্ত কমিটীৰ প্ৰতিবেদনৰ ভিত্তিত  ডাঃ হৃষিকেশ ঠাকুৰীয়া, ডাঃ পূজাক ৬ মাহৰ বাবে বহিস্কাৰ কৰা হৈছে।

আনহাতে ডাঃ অনুপমা ডেকা, ডাঃ দীপাংকৰ হাজৰিকাক নিলম্বন কৰা হৈছে।  নাৰ্ছ ইনচাৰ্জ  গোমতি দেৱী,  ষ্টাফ নাৰ্ছ চন্দনা নাথকো নিলম্বনৰ সিদ্ধান্ত লৈছে বিভাগে। আনহাতে ICU টেকনিচিয়ান ইশানজ‍্যোতি তালুকদাৰক নিলম্বন কৰাৰ কথা ঘোষণা কৰা হৈছে। উল্লেখ্য যে,   বিভাগীয় ব‍্যৱস্থাৰ পাছতে আটাইৰে বিৰুদ্ধে আইনী ব‍্যৱস্থা গ্ৰহণৰো সম্ভাৱনা আছে। 

গুৱাহাটী