/asomiyapratidin/media/media_files/2025/08/19/new-ap-web-1-18-2025-08-19-17-41-36.jpg)
ডিজিটেল ডেস্কঃ জি এম চি এইছত নৱজাতকৰ মৃত্যুৰ ঘটনাই সমগ্ৰ ৰাজ্যতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ সময়তে এই ঘটনাৰ দায়িত্ব স্বীকাৰ কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। উল্লেখ্য যে, সোমবাৰে জি এম চি এইছৰ সদ্যোজাত শিশুৰ বিশেষ যতনকক্ষত এটি কন্যা শিশুৰ কৰুণ মৃত্যু হৈছিল।
শিশুৰ যতনকক্ষৰ দায়িত্বত থকা কৰ্মচাৰীৰ দায়িত্বহীনতা, গুৰুত্বহীনতাৰ বাবেই সংঘটিত হোৱা এই ঘটনাৰ পিছতেই ৰাজ্যজুৰি স্বাস্থ্য বিভাগৰ বিৰুদ্ধে ক্ষোভৰ বৰ্হিপ্ৰকাশ ঘটাৰ সময়তে আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই ঘটনাৰ বাবে দায়িত্ব স্বীকাৰ কৰিছে। এই সন্দৰ্ভত তেওঁ কয়, জি এম চিৰ মন্ত্ৰী ময়েই। স্বাস্থ্যমন্ত্ৰীয়ে মেডিকেল কলেজ নাচায়। যি দোষ হৈছে, ভুল হৈছে সকলো দোষ মোৰেই।
জি এম চি এইছ আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধীনত
মন কৰিবলগীয়া যে, ৰাজ্যৰ চিকিৎসা শিক্ষাৰ সৈতে জড়িত চিকিৎসপ্ৰতিষ্ঠানসমূহ আছে মুখ্যমন্ত্ৰীৰ অধীনত। স্বাস্থ্য বিভাগৰ অধীনত এইসমূহ চিকিৎসা প্ৰতিষ্ঠান নাই। ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয়ৰ সৈতে থকা চিকিৎসালয় যেনে জি এম চি এইছ, এ এম চি এইছ আদি আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধীনত।
স্বাস্থ্য মন্ত্ৰীৰ দায়িত্বত থকা অশোক সিংহালৰ অধীনত আছে চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসাপ্ৰতিষ্ঠানসমূহৰ বাহিৰৰ জিলা, মহকুমা চিকিৎসালয়কে ধৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আদি। আনহাতে আন এগৰাকী মন্ত্ৰী প্ৰশান্ত ফুকনৰ অধীনত আছে স্বাস্থ্য সম্পৰ্কীয় এটা বিভাগৰ দায়িত্ব। তেওঁ আয়ুষ্মান ভাৰতৰ দৰে কেন্দ্ৰীয় আঁচনিসমূহ চোৱাচিতা কৰে। সেয়ে জি এম চি এইছৰ ঘটনাৰ দায়িত্ব স্বীকাৰ কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
শিশুযতন কক্ষ পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
ইয়াৰ পূৰ্বে তেওঁ নিজেই জি এম চি এইছৰ যিটো কক্ষত এই কৰুণ ঘটনা সংঘটিত হৈছিল সেই কক্ষ নিজেই পৰিদৰ্শন কৰে। এই পৰিদৰ্শনৰ পিছতেই মুখ্যমন্ত্ৰীগৰাকীয়েও কৰ্তব্যৰত কৰ্মচাৰীৰ ভুলৰ বাবেই যে এই ঘটনা সংঘটিত হয় সেয়াও মুকলিকৈয়ে উল্লেখ কৰিছে।
তেওঁ এই সন্দৰ্ভত সোমবাৰেই নিজৰ প্ৰতিক্ৰিয়াত কয়, ‘‘মই নিজে যিটো ফটোথেৰাপি ইউনিটৰ পৰা শিশুটি বাগৰি পৰিছিল চাই আহিলো। যথেষ্ট খালী মেচিন থকা সত্ত্বেও এটা মেচিনতে কর্তব্যৰত নাৰ্ছেই হওঁক, চিকিৎসকেই হওঁক তিনিটাকৈ নৱজাতকক তেওঁলোকে ৰাখি থৈছিল। মেচিনৰ অভাৱ নাছিল। এনেকুৱা ঘটনা মই আগতে দেখা নাই।
ঘটনাৰ পিছত কৰ্তব্যৰত নাৰ্ছক নিলম্বনৰ কথা উল্লেখ কৰি তেওঁ আৰু কয়, ২০০৬ চনৰ পৰা মই জি এম চি এইচৰ লগত জড়িত। আজিৰ ঘটনাটো দেখি মই নিজেও অত্যন্ত দুঃখিত। এনে ঘটনাই মেডিকেল কলেজখনৰ প্রতি ৰাইজৰ যি মৰম, সেই মৰম কমাই দিয়ে। অহা তিনি দিনৰ ভিতৰত সমিতিয়ে ৰিপ’ৰ্ট দিব। কর্তব্যৰত নাৰ্ছগৰাকীক ইতিমধ্যে নিলম্বন কৰা হৈছে। গোটেই বিষয়টোৰ যিহেতু চি চি টি ভি ফুটেজ আছে, সেয়ে নিৰপেক্ষভাৱে তদন্ত কৰা হ'ব ।
''এয়া মানৱীয় ভুল, ইচ্ছাকৃত নে অনিচ্ছাকৃত সেয়া তদন্তত ওলাব''
এই ঘটনাক মানৱীয় ভুল বুলি উল্লেখ কৰি ড০ হিমন্ত বিশ্ব শৰ্মাই আৰু কয়, এয়া এক মানৱীয় ভুল। ভুলটো ইচ্ছাকৃত নে অনিচ্ছাকৃত তাৰ তদন্ত কৰিব লাগিব। কিন্তু ভুলটোক আমি ভুল বুলি ক'ব পাৰিব লাগিব। তাত বেলেগ কথা কৈ ভুলটো নোহোৱা কৰিবলৈ চেষ্টা কৰাটো মই ঠিক বুলি নাভাবো।’’
জি এম চি এইছৰ এই ঘটনাৰ বাবে প্ৰয়াত কন্যা শিশুটিৰ পিতৃক সাক্ষাৎ কৰি সমবেদনাও জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে। এই ঘটনাত অত্যন্ত দুখ আৰু লাজ পোৱা বুলিও তেওঁ কয়।
গঠন কৰা হৈছে তিনিজনীয়া তদন্ত কমিটী, গ্ৰেপ্তাৰ ট্ৰলীপুলাৰক
জি এম চি এইছত সংঘটিত হোৱা এই কৰুণ ঘটনাৰ তদন্তৰ বাবে অসম চৰকাৰে তাৎক্ষণিকভাৱে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। ইতিমধ্যে গঠন কৰিছে এখন তিনিজনীয়া তদন্ত কমিটীও। ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব ছুইটি ছাংচন, স্বাস্থ্য শিক্ষা বিভাগৰ সঞ্চালক আৰু এইমছৰ বিশেষজ্ঞ চিকিৎসকৰে এই তদন্ত সমিতিখন গঠন কৰা হৈছে বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই।
আনহাতে এই ঘটনাৰ সন্দৰ্ভতে আৰক্ষীয়ে ১১ জনকৈ ট্ৰলীপুলাৰক আজি গ্ৰেপ্তাৰ কৰিছে। পূৰ্বৰ এজাহাৰৰ ভিত্তিত এই ট্ৰলীপুলাৰসকলক গ্ৰেপ্তাৰ কৰা হৈছে বুলি জনাইছে ডিচিপি মৃণাল ডেকাই। এই সন্দৰ্ভত মৃণাল ডেকাই কয়, যিসকলে জি এম চি এইছত পইছা ডিমাণ্ড কৰে তেওঁলোকৰ বিৰুদ্ধে পূৰ্বে এখন এজাহাৰ পোৱা গৈছিল। সেই এজাহাৰৰ ভিত্তিত তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে। এনে নহয় যে, আজিয়েই এনেধৰণে গ্ৰেপ্তাৰ কৰা হৈছে। পূৰ্বেও ছটাকৈ এনেধৰণৰ গোচৰ ৰুজু কৰা হৈছিল য’ত ধনৰ লেনদেন হৈছিল। সেই গোচৰত মানুহো জেললৈ প্ৰেৰণ কৰা হৈছিল।