পাৰ্টিত অসুস্থ যুৱতীৰ GMCHত মৃত্যু! মৃতদেহ পেলাই পলায়নৰ চেষ্টা ইমৰাণৰ...

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত পুনৰ এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। চিকিতসালয়খনক বদনাম কৰাৰ ষড়যন্ত্ৰত যেন নামি পৰিছে এটা দুষ্ট চক্ৰ। শনিবাৰে নিশা হস্পাতালখনৰ

author-image
Asomiya Pratidin
New Update
44c21765-8529-4bc2-bdd3-a8abd32ff970

ডিজিটেল ডেস্কঃ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত পুনৰ এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। চিকিতসালয়খনক বদনাম কৰাৰ ষড়যন্ত্ৰত যেন নামি পৰিছে এটা দুষ্ট চক্ৰ। শনিবাৰে নিশা হস্পাতালখনৰ চৌহদত এগৰাকী যুৱতীৰ মৃতদেহ পেলাই থৈ পলাবলৈ চেষ্টা কৰিছিল এজন যুৱক। নিৰাপত্তাৰক্ষীা আৰু ৰাইজৰ সহযোগত যুৱকজনক কৰায়ত্ত কৰি গতাই দিয়ে আৰক্ষীক। 

প্ৰাপ্ত খবৰ অনুসৰি, শনিবাৰে দুপৰ নিশা লৈকে ইছলামপুৰৰ এখন হোটেলত হৈছে পাৰ্টি। সেই পাৰ্টিলৈ আগমন ঘটিছিল বহু হাইপ্ৰফাইল লোকৰ। সেই হোটলখনতে পাৰ্টি কৰিছিল মৃত যুৱতাগৰাকীয়ে। পাৰ্টিৰ পাছতে পুৱতি নিশা অসুস্থ হৈ পৰিছিল যুৱতীগৰাকী।

সেই যুৱতীগৰাকীক নিজা অটোৰে ইমৰাণ নামৰ যুৱকগৰাকীয়ে লৈ আহিছিল জি এম চি এইচলৈ। চিকিতসকে যুৱতীগৰাকীক মৃত ঘোষণা কৰাৰ পাছতে যুৱতীগৰাকীৰ মৃতদেহ হস্পাতালৰ চৌহদত পেলাই থৈ পলাবলৈ চেষ্টা কৰিছিল ইমৰাণে।

আৰক্ষীয়ে সদৰি কৰি অনুসৰি, মৃত যুৱতীগৰাকীৰ নাম পম্পী দাস। আৰক্ষীয়ে লগতে সদৰি কৰিছে যে, মৃতদেহটো ট্ৰলীত উঠাইয়েই পলায়নৰ চেষ্টা কৰিছিল ইমৰাণে। যুৱকজনৰ মোবাইলৰ পৰা বহু যুৱতীৰ ফটো আৰু নম্বৰ সংগ্ৰহ কৰিছে আৰক্ষীয়ে। গুৱাহাটীৰ ভিন্ন হোটেলত চলা পাৰ্টিলৈ যুৱতী যোগান ধৰাৰ সন্দেহ কৰিছে আৰক্ষীয়ে। 

জিএমচিএইচ