/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/04/EKE.jpg)
ডিজিটেল ডেস্কঃ সমাগত GMC নিৰ্বাচন। অহা ২২এপ্ৰিলত অনুষ্ঠিত হ'ব গুৱাহাটী পৌৰসভা (GMC)ৰ নিৰ্বাচন। শাসক-বিৰোধী সকলো দলেই পৌৰসভা দখলৰ বাবে অহোপুৰুষাৰ্থ চেষ্টা অব্যাহত ৰাখিছে। নিজ নিজ প্ৰাৰ্থীক জয়ী কৰাবৰ বাবে দলৰ শীৰ্ষনেতাসকলো ঘৰে ঘৰে গৈ কৰিছে কেম্পেইন।
এইবাৰ গুৱাহাটী পৌৰসভা নিৰ্বাচন পূৰ্বতকৈ পৃথক। কিয়নো প্ৰথমবাৰৰ বাবে ই ভি এমৰ জৰিয়তে এইবাৰ সম্পন্ন হব ভোটদান প্ৰক্ৰিয়া। ভোটাৰসকলৰ উপৰিও প্ৰশাসনৰ বাবেও এইবাৰৰ নিৰ্বাচনী পৰিস্থিতি পূৰ্বতকৈ কিছু পৃথক। নিৰ্বাচনী কাম-কাজত কোনো ধৰণৰ যাতে বেমেজালিৰ সৃষ্টি নহয়, তাৰ বাবে সকলোকে সাজু কৰাৰ বাবে প্ৰদক্ষেপ গ্ৰহণ কৰিছে নিৰ্বাচনী আয়োগে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/04/2eb1a8af-392a-42ad-8a40-a9fdc400127a-1024x678.jpg)
গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত ভোট গ্ৰহণৰ বাবে নিয়োগ কৰা প্ৰিজাইডিং আৰু পলিং বিষয়াসকল যাতে কোনো অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে প্ৰশাসনে এইবাৰ বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী গ্ৰহণ কৰিছে। গুৱাহাটী কমাৰ্চ কলেজত ৬, ৭, ১০ আৰু ১৩ এপ্ৰিল তাৰিখে চাৰিদিনীয়াকৈ আয়োজন কৰা এই প্ৰশিক্ষণ কাৰ্যসূচী।
যোৱা বুধবাৰে (৬ এপ্ৰিল) প্ৰশিক্ষণ কাৰ্যসূচী আজি কামৰূপ মহানগৰ জিলা নিৰ্বাচনী বিষয়া পল্লৱ গোপাল ঝাই শুভাৰম্ভ কৰে। গুৱাহাটী কমাৰ্চ কলেজত ৬, ৭, ১০ আৰু ১৩ এপ্ৰিল তাৰিখে চাৰিদিনীয়াকৈ আয়োজন কৰা এই প্ৰশিক্ষণত ১০০০ গৰাকী প্ৰিজাইডিং বিষয়া আৰু ৪০০০ গৰাকী পলিং বিষয়াক প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা কৰা হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/04/462fb073-a970-40ff-8925-28f678dcdc21-1024x678.jpg)
এই প্ৰশিক্ষণ প্ৰদান কাৰ্যত নিয়োগ কৰা হৈছে ৬০ গৰাকী মাষ্টাৰ ট্ৰেইনাৰ। কামৰূপ মহানগৰ জিলা নিৰ্বাচনী বিষয়া পল্লৱ গোপাল ঝাই এই প্ৰশিক্ষণৰ সন্দৰ্ভত কয়- প্ৰশিক্ষণ কাৰ্যসূচী সুচাৰুৰূপে সম্পাদন কৰাৰ লগতে নিকা আৰু স্বচ্ছতাৰে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে সততা আৰু আন্তৰিকতাৰে সকলোৱে সহায়-সহযোগিতা আগবঢ়াব লাগে।
এই প্ৰশিক্ষণ পুৱাৰে পৰা দুটা পৰ্যায়ত অনুষ্ঠিত হৈছে। পুৱা ১০বজাৰ পৰা এটা পৰ্যায় আৰু দুপৰীয়া ১বজাৰ পৰা এটা পৰ্যায়ৰ প্ৰশিক্ষণ অনুষ্ঠিত হয়। কৰ্মাচ কলেজৰ প্ৰায় ৮টা কোঠাত পৃথকে পৃথকে অনুষ্ঠিত হৈছে এই প্ৰশিক্ষণ। এটা ৰূমত ৩০-৪০জন লোকে লৈছে প্ৰশিক্ষণ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/04/f8330ba4-87c4-41b1-b5c2-b4765999a5e5-1024x678.jpg)
উল্লেখ্য যে, গুৱাহাটী পৌৰ নিগমৰ এইবাৰৰ নিৰ্বাচনত ৬০ টা ৱাৰ্ডৰ বাবে মুঠ ৭৮৯ টা ভোটগ্ৰহণ কেন্দ্ৰৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ ভিতৰত ৭৮০ টা মূল ভোট গ্ৰহণ কেন্দ্ৰৰ বিপৰীতে ৯ টা অতিৰিক্ত ভোটগ্ৰহণ কেন্দ্ৰ। ৬০টা ৱাৰ্ডৰ অনুসূচিত জাতিৰ প্ৰাৰ্থীৰ বাবে ৪ টা ৱাৰ্ড সংৰক্ষিত। SC মহিলাৰ বাবে সংৰক্ষিত ৬ আৰু ৯ নম্বৰ ৱাৰ্ড। SC প্ৰাৰ্থীৰ বাবে১৯ আৰু ৩২ নম্বৰ ৱাৰ্ড মুকলি। ST ৰ বাবেও ৩ টা ৱাৰ্ড সংৰক্ষিত। ST মহিলাৰ বাবে সংৰক্ষিত ২৩ আৰু ৫১ নম্বৰ ৱাৰ্ড। ST প্ৰাৰ্থীৰ বাবে মুকলি ২৭ নম্বৰ ৱাৰ্ড। মহিলাৰ বাবে সংৰক্ষিত মুঠ ৩০ টা ৱাৰ্ড।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/04/3dc1280e-8a01-4aea-bb8f-fb2256ff2c2f.jpg)
ইফালে, এইবাৰ নিৰ্বাচনত আছে মুঠ ৭ লাখ ৯৬ হাজাৰ ৮২৯গৰাকী ভোটাৰ। তাৰে ভিতৰত পুৰুষ ভোটাৰ ৩ লাখ ৯৬ হাজাৰ ৮৯১। আনহাতে মহিলা ভোটাৰৰ সংখ্যা ৩ লাখ ৯৯ হাজাৰ ৯১১টা। সেইদৰে তৃতীয় লিংগৰ মুঠ ভোটাৰৰ সংখ্যা ২৭টা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/04/3fa54c67-e465-43b9-8c2f-c5bda533c052.jpg)
আনফালে, প্ৰাৰ্থীৰ কিবা গোচৰ থাকিলে সংবাদ মাধ্যমত বিজ্ঞাপন হিচাপে প্ৰকাশ পাব লাগিব। নিশা ৯ বজাৰ পৰা পুৱা ৬ বজালৈকে বন্ধ থাকিব নিৰ্বাচনী প্ৰচাৰ। আনহাতে নিৰ্বাচন সুচাৰুৰূপত সম্পন্ন কৰিবলৈ ২০টা নিৰ্বাচনী চেল গঠন কৰা হৈছে। এই তথ্য সদৰি কৰিছে কামৰূপ মহানগৰ জিলা নিৰ্বাচনী বিষয়া পল্লৱ গোপাল ঝাই।