আই আই টি গুৱাহাটীত গ্ল’বেল আছামীজ কনফাৰেন্স- ২০২৬ৰ আয়োজন...

তিনিদিনীয়া কাৰ্যসূচীৰে আই আই টি গুৱাহাটীত অনুষ্ঠিত হ’ব গ্ল’বেল আছামীজ কনফাৰেন্স (Global Assamese Conference 2026) শীৰ্ষক এক অনুষ্ঠান। ২০২৬ চনৰ ১৬, ১৭ আৰু ১৮ জানুৱাৰী এই তিনিটা দিনত অনুষ্ঠিত হ’ব শীৰ্ষক সন্মিলনখন। 

author-image
Asomiya Pratidin
New Update
538

ডিজিটেল ডেস্ক : তিনিদিনীয়া কাৰ্যসূচীৰে আই আই টি গুৱাহাটীত অনুষ্ঠিত হ’ব গ্ল’বেল আছামীজ কনফাৰেন্স (Global Assamese Conference 2026) শীৰ্ষক এক অনুষ্ঠান। ২০২৬ চনৰ ১৬, ১৭ আৰু ১৮ জানুৱাৰী এই তিনিটা দিনত অনুষ্ঠিত হ’ব শীৰ্ষক সন্মিলনখন। 

উল্লেখযোগ্য যে, এই সন্মিলনৰ উদ্দেশ্য হৈছে- বিশ্বৰ বিভিন্ন প্ৰান্তত থকা প্ৰবাসী অসমীয়া লোকসকলক একগোট কৰা। আৰু বিভিন্ন বিষয়ে আলোচনা কৰা। এই সন্মিলনত মূলতঃ ভাগ ল’ব বিশ্বৰ বিভিন্ন ক্ষেত্ৰত কাম কৰি থকা কেইবাগৰাকী সমল ব্যক্তি, ছাত্ৰ- ছাত্ৰী তথা কেইবাগৰাকী পেছাদাৰী বিশিষ্ট ব্যক্তিয়ে। 

উক্ত সন্মিলনখনত বিশেষকৈ অসমীয়া সাহিত্য- সংস্কৃতিৰ উপৰি বিজ্ঞান- প্ৰযুক্তি, স্বাস্থ্যসেৱা, উদ্যোগৰ সৈতে জড়িত বিষয়সমূহ আলচ কৰা হ’ব বুলি উদ্যোক্তাই জানিবলৈ দিয়ে। সন্মিলনতখনত ভিন্ন ক্ষেত্ৰৰ ৭০ গৰাকী প্ৰবাসী অসমীয়া উপস্থিত থাকিব বুলিও জনাই উদ্যোক্তাই। সন্মিলনখনত ভাগ লোৱাৰ বাবে ইতিমধ্যে ২০০ গৰাকীতকৈও অধিক লোকে পঞ্জীয়ন কৰিছে।

আই আই টি গুৱাহাটীত অনুষ্ঠিতব্য এই সন্মিলনত 'গ্লোবাল আছামিজ এংগেজমেণ্ট ইনিচিয়েটিভ'-ৰ প্ৰথম বাৰ্ষিক স্মৰণিকা 'বিশ্বৰ ছন্দে ছন্দে' উন্মোচন কৰা হ’ব। এইখন কেৱল এখন পৰম্পৰাগত স্মৃতিগ্ৰন্থই নহয়,  ইয়াত সন্মিলনৰ বৌদ্ধিক আৰু নৈতিক বিষয়সমূহক প্ৰতিফলিত কৰা বিভিন্ন প্ৰবন্ধ, চিন্তা-চৰ্চা, নীতিগত টোকা তথা সৃজনীমূলক লেখা সন্নিবিষ্ট কৰা হৈছে।

আই আই টি গুৱাহাটী