/asomiyapratidin/media/media_files/2025/09/21/390-2025-09-21-03-05-41.jpg)
ডিজিটেল ডেস্ক : দিয়া ঘূৰাই দিয়া, আমাৰ জুবিনদাক ঘূৰাই দিয়া। আমি একো নুবুজো, আমি একো নেমানো। আমাক জুবিনদাক লাগে।
কফিনত নহয়, হাতত গীটাৰ লৈ থকা দাদাক লাগে। হিয়া ঢাকুৰি, ইনাই- বিনাই কান্দিছে আজি লাখ লাখ জুবিন অনুৰাগীয়ে। উজাগৰী নিশা মায়াৱিনী আওঁৰাই বৰঝাৰ বিমান বন্দৰত ৰৈ আছে অসংখ্য জুবিন অনুৰাগী। ৰৈ আছে জুবিন গাৰ্গৰ গুণমুগ্ধসকল।
আজি কোনেও মানি ল’ব পৰা নাই প্ৰাণৰো প্ৰাণৰ শিল্পী জুবিন গাৰ্গ যে এই মায়াৰ ধৰাত নাই। সজহভাৱে ল’ব পৰা নাই জুবিন গাৰ্গৰ মৃত্যু। মৃত্যু সহজ, মৃত্যু শিল্প। তথাপি এইবোৰ কথা যেন এতিয়া জুবিন গাৰ্গৰ মৃত্যুৰ সতে মুঠেও গ্ৰহণযোগ্য নহয় অনুৰাগীসকলৰ মনত !
হিলদোল ভাগি ৰাজপথলৈ ওলাই অহা অনুৰাগীসকলে মুকলিকৈ গালি পাৰিছে শ্যামকানু মহন্ত, সিদ্ধাৰ্থহঁতক। শ্যামকানু মহন্তহঁতে দায়ী আজিৰ এই অৱস্থাৰ বাবে। এই কথা এতিয়া অনুৰাগীসকলে চিঞৰি চিঞৰি কান্দি কান্দি আৱেগবিহ্বল কণ্ঠৰে কৈ গৈছে।
প্ৰাণৰ শিল্পীগৰাকী আহিছে এটা কফিনত। য’ত লিখা আছে ‘লেট জুবিন গাৰ্গ’, উফ ! ই কেনেকৈ সম্ভৱ ! অবিশ্বাস্য সত্যটো যেন কোনেও মানি ল’ব পৰা শক্তি ঈশ্বৰে দিয়া নাই কাকোকে। কেৱল আৰু কেৱল এটা আহ্বান- আমাৰ জুবিনদাক জুবিনদা হিচাপে ঘূৰাই দিয়া। দিয়া ঘূৰাই দিয়া, জুবিনদাক ঘূৰাই দিয়া...!