/asomiyapratidin/media/media_files/2026/02/20/cxxaxxzzx-2026-02-20-17-22-01.jpg)
ডিজিটেল সংবাদ, নগাওঁঃ অসম সনাতনী ধৰ্ম সংসদৰ উদ্যোগত আৰু ভাৰত সেৱাশ্ৰম সংঘৰ তত্বাৱধানত অহা ২২ ফেব্ৰুৱাৰীত গীতা পাঠ আৰু গীতা যজ্ঞৰ আয়োজন কৰা হৈছে। দেওবাৰে ডচন স্কুল খেল পথাৰত অসম সনাতনী ধৰ্ম সংসদৰ উদ্যোগত ২৫ হাজাৰ ভক্তৰ কণ্ঠত এই গীতপাঠ আৰু গীতা যজ্ঞ আয়োজন কৰিছে।
জানিব পৰা মতে, পুৱা ৯ বজাৰ পৰা গীতা পাঠ আৰু ২.৩০ বজাৰ পৰা গীতা যজ্ঞ অনুষ্ঠিত হব। এই যজ্ঞত ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্ত সকল লগতে ৰাজ্যৰ কেইবাগৰাকীও সত্ৰাধিকাৰ উপস্থিত থাকিব । লগতে সোমবাৰে অনুষ্ঠানস্থলীৰ পৰা এটি ধৰ্মীয় শোভাযাত্ৰা নগাঁও চহৰৰ মাজেৰে বাহিৰ কৰা হব।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/20/capturecxcxcxc-2026-02-20-17-20-30.jpg)
এই অনুষ্ঠানত নগাঁৱৰ সকলো সনাতনী হিন্দুক অংশ গ্ৰহণ কৰিবৰ বাবে আহ্বান জনাইছে আয়োজকে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us