বিহাৰত উদ্ধাৰ ঘিলামৰাৰ নাবালিকা...

বিহাৰৰ কাতিহাৰ জিলাৰ পৰা উদ্ধাৰ কৰে আৰক্ষীয়ে

author-image
Asomiya Pratidin
New Update
বিহাৰত উদ্ধাৰ ঘিলামৰাৰ নাবালিকা...

ডিজিটেল সংবাদ,ঢকুৱাখনাঃ ঘিলামৰা আৰক্ষী থানাৰ  অন্তৰ্গত মধুপুৰ চাহ বাগান এলেকাৰ  ৮ নং লাইনৰ নোমল কৰ্মকাৰৰ এগৰাকী নিখোজ নাবালিকাক শনিবাৰে নিৰপদে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ঘিলামৰা আৰক্ষী।

উল্লেখ্য যে, কিশোৰী গৰাকী যোৱা ২৪ছেপ্টেম্বৰত ঘৰৰ পৰা নিখোজ হোৱা সন্দৰ্ভত ঘিলামৰা থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ৩৬৬ ধাৰাত এক গোচৰ (নং- ৭৬/২০২২) পঞ্জীয়ন হৈছিল ।

পঞ্জীকৃত গোচৰৰ তদন্তকাৰী বিষয়া ঘিলামৰা থানাৰ জ্যেষ্ঠ উপ পৰিদর্শক হেমন্ত কুমাৰ কোঁৱৰে ক্ষিপ্ৰতাৰে তদন্ত চলাই বিহাৰৰ কাতিহাৰ জিলাৰ পৰা উদ্ধাৰ কৰি শনিবাৰে নাবালিকা গৰাকীক ঘিলামৰালৈ নিৰপদে লৈ আনে।

পাছত তেওঁক লখিমপুৰ জিলাৰ "সখী" আশ্ৰয় গৃহত ৰখাৰ ব্যৱস্থা গ্ৰহণ কৰে আৰক্ষীয়ে। আৰক্ষী বিষয়া কোঁৱৰৰ তৎপৰতাৰ বাবে  ঘৰৰ পৰা ৰহস্যজনকভাৱে নিখোজ হোৱা কিশোৰী গৰাকী সোশৰীৰে উদ্ধাৰ হোৱাত পৰিয়ালবৰ্গ আৰু ঘিলামৰাবাসীয়ে আৰক্ষী বিষয়া গৰাকীৰ কৰ্মপটুতাৰ বাবে শলাগ লৈছে।

GHILAMARA POLICE Assam police