/asomiyapratidin/media/media_files/2025/12/30/new-ap-web-11-11-24-new-2-2025-12-30-20-17-01.jpg)
ডিজিটেল ডেস্কঃ কাইলৈ বছটোৰ অন্তমিটো দিন। ৩১ ডিচেম্বৰৰ দিনটোত দেশজুৰি ধৰ্মঘট কৰিব অনলাইন ডেলিভাৰি কৰ্মীসকলে। প্ৰাপ্য মজুৰি, উপযুক্ত ব'নাছ দাবীৰে ধৰ্মঘট কৰাৰ সিদ্ধান্ত অনলাইন ডেলিভাৰি কৰ্মীসকলৰ। ইপিনে নৱবৰ্ষৰ পূৰ্বে এই ধৰ্মঘটে কেইবাখনো চহৰত ডেলিভাৰী সেৱাত প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/30/whatsapp-image-20-2025-12-30-20-17-38.jpeg)
উল্লেখ্য যে, ইণ্ডিয়ান ফেডাৰেচন অৱ এপ বেছড ট্ৰেন্সপ’ৰ্ট ৱৰ্কাৰছ আৰু গিগ এণ্ড প্লেটফৰ্ম চাৰ্ভিচ ৱৰ্কাৰছ ইউনিয়নকে ধৰি কেইবাটাও ৰাষ্ট্ৰীয় সংঘই ৩১ ডিচেম্বৰত এপ বন্ধৰ আহ্বান জনাইছে। পূৰ্বতে ২৫ ডিচেম্বৰত ধৰ্মঘট সংঘটিত হৈছিল, যাৰ ফলত বহু কেইখন ঠাইত এই অনলাইন ডেলিভাৰীত প্ৰভাৱ পৰিছিল। ইপিনে নৱবৰ্ষৰ পূৰ্বে ধৰ্মঘটৰ ফলত ৰেষ্টুৰেণ্টৰ ব্যৱসায়তো প্ৰভাৱ পৰিব পাৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/30/whatsapp-image-2025-12-30-20-18-22.jpeg)
বহু হোটেল আৰু খাদ্যৰ দোকানে ডেলিভাৰীৰ সমস্যাৰ আশংকা কৰে। কিছুমান সৰু ৰেষ্টুৰেণ্টত নিজাকৈ কৰ্মচাৰীয়ে ডেলিভাৰী চম্ভালিবলৈ পৰিকল্পনা কৰিছে যদিও ডাঙৰ ব্ৰেণ্ডৰ বাবে সহজ নহয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us