/asomiyapratidin/media/media_files/2026/01/22/fsdfgffgf-2026-01-22-21-11-07.jpg)
ডিজিটেল সংবাদ, শিলচলঃ ৰাজ্য চৰকাৰৰ আৰোহণ যোজনাৰ অধীনত কাছাৰ জিলাৰ মুঠ ১৭০খন হাইস্কুলৰ অষ্টম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈ উত্তীৰ্ণ হোৱা মেধাবী ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চৰকাৰী উপহাৰ বিতৰণ কৰা হয়। বৃহস্পতিবাৰে বংগভৱনত আয়োজিত এক বিশেষ অনুষ্ঠানত মন্ত্ৰী কৌশিক ৰায়ে মুখ্যমন্ত্ৰীৰ উপহাৰ হিচাপে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত একোটাকৈ টেবলেট প্ৰদান কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/22/whatsapp-image-2026-01-22-21-11-48.jpeg)
এই অনুষ্ঠানত জিলাখনৰ শিক্ষা ব্যৱস্থাৰ সৈতে জড়িত ১৮২গৰাকী CRCC (Cluster Resource Centre Coordinator)কো একোটাকৈ টেবলেট প্ৰদান কৰা হয়। শিক্ষাৰ ডিজিটেলিকৰণ আৰু প্ৰযুক্তিগত উন্নয়নৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি মন্ত্ৰী কৌশিক ৰায়ে উল্লেখ কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/22/whatsapp-imag-2026-01-22-21-12-13.jpeg)
ইয়াৰোপৰি একেটা অনুষ্ঠানতে কাছাৰ জিলাৰ চৰকাৰীভাৱে স্বীকৃতিপ্ৰাপ্ত ৮২গৰাকী সাংবাদিকক মুখ্যমন্ত্ৰীৰ গুড উইল উপহাৰ হিচাপে একোটাকৈ মোবাইল ফোন, কিতাপসহ অন্যান্য উপহাৰ প্ৰদান কৰা হয়। সংবাদ মাধ্যমে সমাজ গঠনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি অহাৰ বাবেই সাংবাদিকসকলক এই সন্মান প্ৰদান কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/22/whatsapp-image-2026-01-22-21-12-28.jpeg)
এই অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰী কৌশিক ৰায়ে জানিবলৈ দিয়ে যে, আজি মুঠ ৪৫০টা মোবাইল ফোন আৰু টেবলেট বিতৰণ কৰা হৈছে। তেওঁ লগতে শিক্ষাৰ্থীসকলক আধুনিক প্ৰযুক্তিৰ সহায়ত জ্ঞান অৰ্জন কৰিবলৈ আহ্বান জনায়।
এই অনুষ্ঠানত জিলা আয়ুক্ত আয়ুশ গাৰ্গ, অতিৰিক্ত জিলা আয়ুক্ত, তথ্য আৰু জনসংযোগ বিভাগৰ বিষয়া-কৰ্মচাৰীৰ লগতে শিক্ষা বিভাগৰ বিষয়াসকল উপস্থিত থাকে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us