মহানগৰীৰ পদপথৰ শ্লেব চুৰিৰ ঘটনা

আৰক্ষীয়ে জব্দ কৰিছে চুৰি কাৰ্যত ব্যৱহাৰ কৰা এখন বাহন। জয়নালৰ তথ্যৰ ভিত্তিত আৰক্ষীয়ে বনগড়া লাষ্টগেটৰ এটা ডেম্পত চলাইছিল অভিযান।

author-image
Asomiya Pratidin
New Update
image (11)

ডিজিটেল ডেস্কঃ  মহানগৰীৰ পদপথত সংঘটিত হৈছে শ্লেব চুৰিৰ ঘটনা। দিছপুৰ আৰক্ষীৰ জালত জয়নাল আবেদিন নামৰ এটা চোৰ।চোৰটো বৰপেটাৰ পালহাজি গাঁৱৰ বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে জব্দ কৰিছে চুৰি কাৰ্যত ব্যৱহাৰ কৰা এখন বাহন।জয়নালৰ তথ্যৰ ভিত্তিত আৰক্ষীয়ে বনগড়া লাষ্টগেটৰ এটা ডেম্পত চলাইছিল অভিযান। অভিযানত আন দুটা চোৰক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। গ্ৰেপ্তাৰ মিৰ্জাৰ ছাবেৰ আলী আৰু হাজোৰ ছাহিল আহমেদ।

উল্লেখ্য যে- দুয়োৰে ডেম্পৰ পৰা উদ্ধাৰ চুৰি হোৱা শ্লেবসমূহ। ইপিনে আন কিছু শ্লেব উদ্ধাৰ ঘগ্ৰাপাৰৰ এটা ডেম্পত।ঘগ্ৰাপাৰৰ ডেম্পটোৰ মালিক চুবুৰ ভূঞাকো গ্ৰেপ্তাৰ  কৰে আৰক্ষীয়ে। 

চুৰিকাণ্ড