/asomiyapratidin/media/media_files/2025/12/25/1-2025-12-25-16-07-53.jpg)
ডিজিটেল সংবাদ,ঢকুৱাখনা : এক ২৫ বছৰীয়া সুদীর্ঘ পৰিক্ৰমা। অতি পাছপৰা গ্ৰাম্য অঞ্চলক উন্নয়ন আৰু বিকাশৰ ধাৰাৰে সামৰি লোৱাৰ মানসেৰে ২০২০ চনৰ আজিৰ দিনটোত শুভাৰম্ভ কৰা হৈছিল প্ৰধানমন্ত্ৰী গ্রাম চড়ক যোজনা। তদানীন্তন প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ কাৰ্যকালত আৰম্ভ হোৱা এই পথ নিৰ্মান আঁচনিৰ আজি ২৫ বছৰ পূৰ্ণ হ'ল।
ঢকুৱাখনা আৰু নাওবৈছা ক্ষেত্ৰীয় পথ সংমণ্ডলত এই আঁচনিৰ বিগত ২৫ বছৰীয়া কাৰ্যকালৰ প্ৰভূত সফলতাৰ স্মৰণ কৰি বৃহস্পতি বাৰে এক ৰাজহুৱা সজাগতা সভা অনুষ্ঠিত হয়। ঘিলামৰাৰ বিভাগীয় সংমণ্ডল কাৰ্য্যালয় প্ৰাঙ্গনত অনুষ্ঠিত এই স্মৰণ সভাত ঘিলামৰাৰ গৰিষ্ঠ সংখ্যক সচেতন ৰাইজ উপস্থিত থাকে।
উপ মণ্ডলৰ মুখ্য সহায়ক ধীৰেন চাংমায়ে আঁত ধৰা আৰু উদ্দেশ্য ব্যাখ্যা কৰা সভাত সভাপতিত্ব কৰে কাৰ্যবাহী অভিযন্তা দণ্ডীধৰ মিলিয়ে। সভাত এই জনমুখী সাৰ্বজনীন আঁচনিৰ জৰিয়তে সংমণ্ডলটোৰ আৰ্থ সামাজিক বিকাশ তৰান্বিত হোৱা বুলি মন্তব্য কৰে কাৰ্যবাহী দণ্ডাধীশ মিলিয়ে।
অভিযন্তা মিলিয়ে ২০২০ চনৰ ২৪ ডিচেম্বৰত আৰম্ভ হোৱা এই আঁচনিক লৈ বিভাগ গৰ্বিত বুলি কৈ এই আঁচনিয়ে সমগ্ৰ দেশৰ লগতে জিলাখনতো বহুত বাট পথ দলং নিৰ্মান কৰাৰ খতিয়ান দাঙি ধৰে ।
গাঁওৰ পৰা নগৰ চহৰলৈ দূৰত্ব হ্ৰাস কৰি বাণিজ্যিক ,শৈক্ষিক ,কৃষি ,স্বাস্থ্য সকলো ক্ষেত্ৰত ৰাইজ উপকৃত হৈছে বুলি জানিবলৈ দি অভিযন্তা গৰাকীয়ে বিগত সময় চোৱাত গ্ৰহণ কৰা আঁচনি , ভৱিষ্যতৰ সময়ত হাতত লব লগা আঁচনিৰ বিস্তৃত অবলোকণ কৰে। তেওঁ সংমণ্ডলৰ অধীনত মুঠ ৩৯০ কিলোমিটাৰ দৈৰ্ঘৰ পথৰ লগতে মুঠ ৭৯ খন পকী দলং নিৰ্মাণ সম্পূৰ্ণ কৰাৰ তথ্য সদৰী কৰে।
এই আঁচনিৰ সন্দৰ্ভত জন সজাগতা বৃদ্ধিৰ লক্ষ্যৰে আয়োজিত এই সভাত বক্তব্য আগবঢ়াই এই পথ নিৰ্মান আঁচনিৰ জৰিয়তে গ্ৰামাঞ্চলিয় ৰাইজৰ সৰ্বাংগীন উন্নয়ন হোৱাৰ পথ প্ৰশস্ত কৰা বুলি কৈ ঘিলামৰা জিলা পৰিষদৰ ছন্দেশ্বৰ গগৈয়ে। ৰাইজৰ সামগ্ৰিক বিকাশৰ স্বাৰ্থত গ্ৰহণ কৰা এই আঁচনি সফল ৰূপায়ণৰ ক্ষেত্ৰত বিভাগ,ৰাইজ, জনপ্ৰতিনিধি সকলো একত্ৰিত হোৱাৰ লগতে সহযোগিতা আগবঢ়োৱাৰ আহ্বান জনায়।
সংমণ্ডলটোৰ সকলো বিষয়া, কৰ্মচাৰী ,শাখা সহায়ক ,শ্ৰমিক , ঠিকাদাৰ সকল উপস্থিত থকা সভাত প্ৰধান মন্ত্ৰী গ্রাম চড়ক যোজনাৰ ২৫ বছৰ সফল সম্পূৰ্ণ হোৱাৰ বাবে বিভাগক অভিনন্দন জনাবলৈ পঞ্চায়ত সদস্য মৌচুমী চুতীয়া, বুলু মনি ফুকন, মনোজ মালা, ববিতা চুতীয়া, টিলেন সেনাপতি, ৰূপা বৰুৱা, টংকেশ্বৰ হাজৰিকা মিনা তামুলী গগৈ, দীপক বৰগোঁহাই, স্বপ্নালী দত্ত কোচ ,জোনমনি চেতিয়া গগৈ ,খনিন্দ্ৰ পাৱ, ঘিলামৰা উন্নয়ন সমিতিৰ সভাপতি লেখন ফুকন আদি উপস্থিত থাকে। সভাত সংমণ্ডলটোৰ অন্তৰ্গত বিভিন্ন আঁচনিৰ সফল ৰূপায়ণৰ এখন মনোগ্ৰাহী প্ৰদৰ্শনীৰ ব্যৱস্থা গ্ৰহণ কৰে সংমণ্ডলে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us