/asomiyapratidin/media/media_files/2025/11/28/whatsapp-image-2025-11-28-13-25-35.jpeg)
ডিজিটেল সংবাদ,ঢকুৱাখনাঃ এক পাশবিক,জঘন্য কাণ্ড । ঢকুৱাখনা ঘিলামৰাৰ সভ্য সমাজক লজ্জানত কৰা এই নাৰকীয় ঘটনাৰ স্থান আছিল ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত এখন গাঁও ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/28/image-40-2025-11-28-13-35-27.png)
উল্লেখ্য যে, থানাখনৰ অন্তৰ্গত এগৰাকী প্ৰায় ৬ বছৰীয়া কণমানিক ঘৰৰ সন্মুখত খেলি থকা অৱস্থাৰ পৰা হাবিলৈ নি বলপূৰ্ৱক ধৰ্ষণ কৰিছিল বেলুনপৰা গাঁৱৰ নৰ পিশাচ লক্ষ্যধৰ পেগুৱে । পৰৱৰ্তী সময়ত নিৰ্যাতিতা কণমানিৰ চিঞৰত মাতৃয়ে উদ্ধাৰ কৰিছিল । এই সন্দৰ্ভত ঘিলামৰা আৰক্ষী থানাত ২০১৫ চনৰ ১০ নৱেম্বৰত ভুক্তভোগী কণমানিজনীৰ পৰিয়ালে এজাহাৰ দাখিল কৰিছিল ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/28/image-40-2025-11-28-13-21-26.png)
তাৰোপৰি তদানীন্তন ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অজিত কুমাৰ ভূঞাই পৰিয়ালৰ এজাহাৰৰ ভিত্তিত এক গোচৰ পঞ্জীয়ন কৰি তদন্ত আৰম্ভ কৰিছিল । ভাৰতীয় দণ্ডবিধি আইনৰ ৩৭৬(এফ) আৰু POCSO আইনৰ ধাৰাতপঞ্জীভূত হোৱা গোচৰৰ ভিত্তিত ভাৰপ্ৰাপ্ত বিষয়া তথা তদন্তকাৰী বিষয়া ভূঞাই ঘটনাৰ পাছৰ দিনাই অভিযুক্ত লক্ষ্যধৰ পেগুক গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/28/whatsapp-image-2025-11-28-13-22-10.jpeg)
প্ৰাণিধানযোগ্য যে, পৰৱৰ্তী সময়ত তদন্তকাৰী বিষয়া ভূঞাই পৰ্য্যাপ্ত তথ্য প্ৰমাণসহ নিখুঁত পৰিশুদ্ধ অভিযোগ নামা আদালতত দাখিল কৰিছিল । ২০১৫ চনতে সংঘটিত এই জঘন্য কাণ্ডৰ পাছত অভিযুক্তই লখিমপুৰ জিলা ন্যায়িক হেফাজৰ পৰা ২০১৬ চনৰ ১মাৰ্চত জামিনত মুক্তি পাইছিল যদিও পুনৰ ২০২৫ বর্ষৰ ৬ আগষ্টত গ্ৰেপ্তাৰ কৰিছিল অভিযুক্ত লক্ষ্যধৰ পেগুক । লখিমপুৰ জিলাৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতত এই সন্দৰ্ভত পঞ্জীভূত বিশেষ (পি) গোচৰ নং-২৬ /২০১৫ ৰ চূড়ান্ত ৰায়দান যোৱা ১০ নৱেম্বৰত দিয়া হয় ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/28/image-40-2025-11-28-13-23-08.png)
আনফালে POCSO আইনৰ ধাৰাৰ অধীনত বিচাৰাধীন উক্ত গোচৰৰ চূড়ান্ত ৰায়দান কৰি আদালতে অভিযুক্ত পেগুক ২৫ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহাৰ লগতে ৭হাজাৰ টকাৰ জৰিমনাও বিহে । সম্প্ৰতি বিশ্বনাথ জিলা আৰক্ষীৰ বিশেষ শাখাত পৰিদৰ্শক হিচাপে কৰ্মৰত তদানীন্তন সুদক্ষ আৰক্ষী বিষয়া ভূঞাৰ নিখুঁত তদন্তৰ বাবেই এগৰাকী নাবালিকাৰ লগতে পৰিয়ালটোৱে ন্যায় লাভ কৰিবলৈ সক্ষম হৈছে । এনে দুষ্কাৰ্যৰ অভিযুক্তক দৃষ্টান্তমূলক আইনগত শাস্তি বিহাত সন্তুষ্টি প্ৰকাশ কৰিছে ঘিলামৰাৰ সচেতন মহলে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us