মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক গ্ৰেপ্তাৰৰ দাবীত উত্তাল ঘিলামৰা

ঘিলামৰাৰ বৰদৈ পঞ্চায়তৰ মাঝিগাঁৱত অৱস্থিত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিকল জলজীৱন  মিছন আঁচনিৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। 

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-12-21 at 9.04.01 PM

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক গ্ৰেপ্তাৰৰ দাবীৰে উত্তাল ঘিলামৰা। চৰকাৰী আঁচনিৰ ৰূপায়ণৰ নামত লুণ্ঠনৰ জাল পেলাই দুৰ্নীতিৰ সদাগৰ হোৱা বিজেপি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা হায় হায় , স্বেচ্ছাচাৰী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মূর্দাবাদ শ্ল'গানত মুখৰ হ'ল ৰাজপথ । ঘিলামৰা ব্লক কংগ্ৰেছৰ উদ্যোগত সাব্যস্ত হয় এই প্ৰতিবাদ । ঘিলামৰাৰ বৰদৈ পঞ্চায়তৰ মাঝিগাঁৱত অৱস্থিত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিকল জলজীৱন  মিছন আঁচনিৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। 

c30c1b46-3467-437b-8cd7-33a3aafd685e

মূলতঃ ঢকুৱাখনা সমষ্টিত  গেৰুৱা চৰকাৰৰ লগতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ উলংগ স্বৰূপ উদঙাই নিৰ্মাণৰ পাছৰে পৰা বিকল হৈ থকা শতাধিক জলজীৱন মিছনৰ আঁচনি সক্ৰিয় কৰা , জনস্বাস্থ্য কাৰিকৰী বিভাগত জে জে এম আঁচনিৰ বিপৰীতে সংঘটিত বিয়াগোম বিত্তীয় কেলেংকাৰীৰ উচ্চ পৰ্যায়ৰ তদন্ত কৰা কমিচন সংগ্ৰহৰ বেহা পাতি চৰকাৰী পুঁজিৰ অপব্যৱহাৰ কৰা বিভাগীয় মন্ত্ৰী গৰাকীক গ্ৰেপ্তাৰ কৰা আদি দাবী উথাপিত হয় প্ৰতিবাদী কাৰ্যসূচীত। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক তথা লখিমপুৰ জিলাৰ তত্বাৱধায়ক ৰাজকুমাৰ নীল নেত্ৰ নেওগ, ঘিলামৰা ব্লক কংগ্ৰেছৰ সভাপতি সুভাষ দিহিঙীয়া, জ্যেষ্ঠ কংগ্ৰেছ নেতা ,অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ শিক্ষক কোষৰ উপাধ্যক্ষ, ৰাজ্যৰ নিৰ্বাচনী প্ৰচাৰ সমিতিৰ কাৰ্যকৰী সদস্য ডঃ সুৰজিৎ দলে, জিলা কংগ্ৰেছৰ উপ সভাপতি  ভোগেশ্বৰ লাগাচু,, প্ৰবীণ কংগ্ৰেছ নেতা লক্ষনাথ দলে, ঘিলামৰা ব্লক মহিলা কংগ্ৰেছৰ সভানেত্ৰী পাপৰি চেতিয়া, ঘিলামৰা ব্লক যুৱ কংগ্ৰেছৰ সভাপতি দেবজিৎ হাজৰিকাৰ লগতে গৰিষ্ঠ সংখ্যক নেতা কৰ্মী আৰু মণ্ডল কৰ্মীয়ে অংশগ্ৰহণ কৰে প্ৰতিবাদী কাৰ্যসূচীত । 

6ba36b4f-6d8e-40c4-875b-031fa71b8f90

বৰদৈ মাঝিগাঁৱৰ বিকল জে জে এম আঁচনিৰ সন্মুখৰ পৰা  বিশাল প্ৰতিবাদী সমদল আৰম্ভ কৰি বৰদৈ তিনিআলিত সামৰণি মাৰে প্ৰতিবাদকাৰী সকলে । বৰদৈ তিনি আলিৰ ৰাজপথত  টায়াৰ জ্বলাই প্ৰতিবাদকাৰী সকলে দুৰ্নীতিৰ সদাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা মুর্দাবাদ, দুৰ্নীতি পৰায়ন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক শীঘ্ৰে গ্ৰেপ্তাৰ কৰক, ৰাজ্যৰ জলজীৱন মিছন আঁচনিত সংঘটিত বৃহৎ বিত্তীয় কেলেংকাৰীৰ উচ্চ নিৰপেক্ষ তদন্ত  কৰক, অকমন্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা গ'বেক , মুখ্যমন্ত্ৰী হায় হায় , শোষণকাৰী বিজেপি  দল চৰকাৰ হুচিযাৰ , শীঘ্ৰে জলজীৱনৰ ঠিকাদাৰ সকলৰ অনাদায় পুঁজি আদায় দিয়ক , কমিচনভোগী বিধায়ক নৱ দলে গ বেক , কমিচন লৈ ঠিকা দিয়া লুণ্ঠনকাৰী বিধায়ক নৱ দলে মূর্দাবাদ আদি শ্লোগান দি বহু সময় বৰদৈৰ ৰাজপথ উত্তাল কৰি তোলে। 

পৰৱৰ্তী সময়ত বৰদৈ তিনি আলিত  এখন প্ৰতিবাদী সভাৰ আয়োজন কৰে প্ৰতিবাদকাৰী সকলে । সভাত প্ৰদেশ কংগ্ৰেছৰ নেতা নীল নেত্ৰ নেওগ ডঃ সুৰজিত দলে , ব্লক সভাপতি সুভাষ দিহিঙীয়া আদিয়ে বক্তব্য আগবঢ়াই।কেৱল চৰকাৰী পুঁজি লুটিবলৈকে ৰূপায়ন কৰা এই জে জে এম আঁচনিৰ  সামগ্ৰিক ব্যৰ্থতাৰ কটু সমালোচনা কৰি বগা হাতীত পৰিণত হোৱা এই চৰকাৰী আঁচনিৰ তদন্তৰ দাবী জনাই ।

ঘিলামৰা