/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/01/911d8b48-fb9a-4f76-a334-7b80a20910f9.jpg)
ডিজিটেল সংবাদ:ঢকুৱাখনা: ১৯৫৪ খ্ৰীষ্টাব্দত ঘিলামৰাৰ আখৈফুটীয়া গাঁওত প্ৰতিষ্ঠা কৰা শ্ৰী শ্ৰী শ'ল গুৰি শাখা সত্ৰৰ কৌটি কলীয়া প্ৰতিফলন পৰম্পৰাৰ শুক্ৰবাৰে বৰ্ণিল উদযাপন হল । প্ৰয়াত বৈষ্ণৱ সাধক গোবিন্দ্ৰ দেৱ গোস্বামী দেৱৰ দ্বাৰা প্ৰাণ প্ৰতিষ্ঠা হোৱা সত্ৰ ভাগিৰ উদ্যোগত শুক্ৰবাৰে পুৱা আধ্যাত্মিক পৰম্পৰাৰ অংশ হিচাবে ভোগালী বিহুৰ মেজি প্ৰজ্বলন কৰা হয়। পুৱাই সত্ৰৰ ভকত বৈষ্ণৱ সকলে প্ৰতিষ্ঠা কৰা মেজিৰ চাৰিওফালে সত্ৰ পৰিয়ালৰ সকলোৱে গুৰুবাদ্য ,গায়ন বায়ন বজাই প্রদক্ষিণ কৰি হৰি নাম , নাম প্ৰসংগৰে অগ্নি দেৱতাৰ আৰাধনা কৰে।
তাৰোপৰি প্ৰতীকী ভেলাঘৰতো ক্ষণিক কটাই ধৰ্মীয় পৰম্পৰা আৰু ৰীতি নীতি অনুসৰি মেজি আৰু ভেলাঘৰত অগ্নি সংযোগ কৰি সকলোৰে জীৱনৰ পৰা দুখ শোক ,ৰোধ ব্যাধি ,মাৰি মৰক ,অপায় অমংগল দূৰ কৰি সকলোকে ধনবল ,জনবল,আয়ুবল , বিদ্যাবল, মনোবল, জ্ঞানোবল প্ৰদান কৰি দেশত এক প্ৰশান্তিৰ পৰিবেশ সৃষ্টি কৰাৰ বাবে পৰম পিতা পৰমেশ্বৰৰ ওচৰত প্রার্থনা জনাই সত্ৰ পৰিয়ালে ।
প্ৰতিষ্ঠা কালৰে পৰা অৰ্থাৎ অৰ্ধ শতিকাৰো অধিক কাল ধৰি সত্ৰ পৰিয়ালৰ উদ্যোগত নিৰন্তৰ ভাবে পালিত এই পহিলা মাঘৰ পৰম্পৰাগত অনুষ্ঠান ভাগিত সমগ্ৰ অঞ্চলটোৰ গৰিষ্ঠ সংখ্যক পুৰুষ মহিলা, চহা ভকত বৈষ্ণৱৰ স্বতঃস্ফূৰ্ত অংশগ্ৰহণ আৰু স্তুতি প্ৰাৰ্থনা আৰু সেৱা গ্ৰহণ আছিল অন্যতম উল্লেখনীয় দিশ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us