ধোঁৱাচাঙত ঘিলামৰা আলোকিকৰণ আঁচনিঃ ফুলদানীত পৰিণত হ'ল 'হাইমাষ্ট লাইট'

এই সমূহ লাইটৰ নিয়মীয়া সেৱা এতিয়া পথচাৰী ৰাইজৰ বাবে হৈ পৰিছে দুৰ্লভ। ঘিলামৰা সদৰ তিনিআলিৰ বাদে ঘিলামৰা কৃষ্টি ভৱন সন্মুখত আৰু ঘিলামৰা আৰক্ষী থানাৰ সন্মুখত স্থাপিত এই লাইট সমূহৰ পোহৰ নিয়মীয়া আৰু সহজলভ্য নহল।

author-image
Asomiya Pratidin
New Update
JHUDGHASJDHS

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ ঘিলামৰাত স্থানীয় বিধায়ক নৱ কুমাৰ দলেৰ এক অভিলাসী প্ৰয়াসে মুখ থেকেছা খাইছে।জনদৃষ্টিত চৰকাৰী আঁচনিৰ বিনামূলীয়া সেৱা প্ৰদানৰ বিপৰীতে গলগ্ৰহ হিচাবে জিলিকি ৰোৱা এই আঁচনি হৈছে সদৰৰ "হাইমাষ্ট লাইট"।

ঘিলামৰাক আধুনিকীকৰণৰ চমক সৃষ্টিৰ বাবে তদানীন্তন গ্ৰামোন্নয়ন মন্ত্ৰী তথা বিধায়ক নৱ দলেৰ তৎপৰতাত সদৰত স্থাপন কৰা হৈছিল তিনিটা এনে উচ্চ ক্ষমতা সম্পন্ন  অত্যাধুনিক লাইট। মন্ত্ৰীত্বৰ কালতে বিধায়ক নৱ দলেৰ তৎপৰতাত  তদানীন্তন লখিমপুৰ জিলা পৰিষদৰ সভানেত্ৰী মঞ্জু বৰগোঁহাইয়ে ২০২০ চনত ২০১৮-১৯ বিত্তীয় বর্ষৰ চতুৰ্থদশ বিত্তীয় আয়োগৰ প্ৰায় ৬ লাখ টকা ব্যয় সাপেক্ষ তিনিটা বিশেষ ৰাজহুৱা স্থানত স্থাপিত কৰি ৰাইজৰ নামত উৎসৰ্গা কৰিছিল ।

পিছে এই সমূহ লাইটৰ নিয়মীয়া সেৱা এতিয়া পথচাৰী ৰাইজৰ বাবে দুৰ্লভ। ঘিলামৰা সদৰ তিনিআলিৰ বাদে ঘিলামৰা কৃষ্টি ভৱন সন্মুখত আৰু ঘিলামৰা আৰক্ষী থানাৰ সন্মুখত স্থাপিত এই লাইট সমূহৰ পোহৰ নিয়মীয়া আৰু সহজলভ্য নহল। প্ৰধানতঃ ঘিলামৰা থানাৰ সন্মুখত স্থাপিত প্ৰায় ১৬ মিটাৰ উচ্ছতাৰ এই লাইট পোষ্টটো ঘিলামৰাবাসীৰ বাবে ফুলদানী সদৃশ হৈ থিয় দি আছে সুদীর্ঘ দিন ধৰি। এই উচ্চ ক্ষমতাসম্পন্ন লাইট স্থাপন কৰিয়েই দায়িত্ব সামৰিলে কৰ্তৃপক্ষই। 

ইফালে, বিদ্যুৎ সংযোগৰ বাবে বিদ্যুৎ বিভাগক আমানত পুঁজি জমা দিয়া, বিভাগৰ অধীনত বিধিগত পঞ্জীয়ন কৰিবলৈ নথি পত্ৰ জমা দিবলৈ পাহৰিলে অকমন্য কৰ্তৃপক্ষই। যাৰ পৰিণতিত বিদ্যুৎ বিভাগত আজিও পঞ্জীভূক্ত আৰু সংযুক্ত নহল এইটো হাইমাষ্ট লাইট। সেয়ে পৰ্যবসিত হল সুউচ্চ চৰকাৰী ফুলদানীলৈ।

ব্যস্ততাপূৰ্ণ  ৰাজপথ আৰু আৰক্ষী থানাৰ সন্মুখত ৰাইজৰ উপযোগীকৈ নিশা আলোকিত কৰাৰ পৰিবৰ্তে দায়িত্বহীনতাৰ নমুনা প্ৰদৰ্শন কৰি নিষ্ক্ৰিয় হৈ পৰি ৰৈছে লাইটটো। ৰাইজৰ সেৱাৰ পৰিবৰ্তে  ভালুকৰসাঙি হৈ পৰা ৰাজহুৱা লাইটৰ এনে ফোঁপোলা স্বৰূপে বাস্তৱিকতে চৰকাৰী পুঁজি অপচয়ৰ পথহে প্ৰশস্ত কৰিলে বুলি বিভিন্নজনে মন্তব্য কৰিছে।

আনহাতে, ঘিলামৰাবাসীৰ লগতে দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ দাবী তৎকালীন ভাবে থানাৰ সন্মুখত অৱস্থিত উপেক্ষিত হাইমাষ্ট লাইটৰ বিপৰীতে আমানত পুঁজি আৰু নথিপত্ৰ জমা কৰি সক্ৰিয় কৰাৰ ব্যৱস্থা কৰক বিধায়ক নৱ দলেয়ে। অন্যথাই তেওঁৰেই কাৰ্যকালৰ এক চৰকাৰী আঁচনিৰ ধোঁৱা চাঙত উঠা কাণ্ডৰ বাবে ৰাইজৰ সমালোচনাৰ সদায় সন্মুখীন হৈ আহিব বিধায়ক দলে।

ঘিলামৰা