/asomiyapratidin/media/media_files/2026/01/13/9a3db97c-1336-4cf7-970a-ea45e8a4f5bf-2026-01-13-15-20-16.jpeg)
ডিজিটেল সংবাদ, ঢকুৱাখনা: সমাজ সংস্কাৰৰ অভিযান চলাই নিজকে ধোৱা তুলসীৰ পাত সজাই অহা এগৰাকী মিচিং জাতীয় সংগঠনৰ প্ৰাক্তন নেতাৰ কুকৰ্মই তোলপাৰ লগাইছে ঘিলামৰা। ঢকুৱাখনা সমজিলাৰ ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত এইগৰাকী বিবাহিত মিচিং জাতীয় সংগঠনৰ প্ৰাক্তন নেতা হৈছে প্ৰমথেশ পাঞ্জাং ওৰফে নন্দ।
অয়েঙিয়া গাঁৱৰ উনন্দ পাঞ্জাঙৰ পুত্ৰ প্ৰমথেশ পাঞ্জাঙ বিবাহিত আৰু দুই সন্তানৰ পিতৃ। মিচিং জাতীয় সংগঠনৰ ঋকং অৱনৰী বাংকেৰ নেতৃত্ব বহন কৰি সমাজ সংস্কাৰৰ দম্ভালি মাৰি অহা এইজন লম্পট ভণ্ড নেতা এতিয়া এগৰাকী নাবালিকাক অসৎ উদ্দেশ্য পূৰণৰ বাবে নিৰ্লজ চেষ্টা চলোৱাৰ অভিযোগত অভিযুক্ত হৈছে।
ঘটনাৰ বিৱৰণী মতে, এগৰাকী নাবালিকা, পঞ্চম শ্ৰেণীত অধ্যয়নৰত কিশোৰীয়ে ছাগলী এৰাল দিবলৈ সোমবাৰে পুৱা ৭ বজাত ঘৰৰ পৰা পথাৰলৈ গৈছিল। হাবিতলীয়া পথেৰে অকলে গৈ থকা অৱস্থাত কিশোৰীগৰাকীক এইজন লম্পট ব্যক্তিয়ে নিজৰ নীচ মনোকামনা বলি কৰাৰ লক্ষ্যৰে উলংগ হৈ খেদি যায়।
কিশোৰী গৰাকীৰ অভিভাৱকে এজাহাৰত উল্লেখ কৰা মতে, ভয়ত ত্ৰস্তমান হোৱা কিশোৰীগৰাকীয়ে কোনোমতে নিজক বচাই ঘৰত উপস্থিত হৈ কান্দি কান্দি সমস্ত ঘটনা মাতৃক অৱগত কৰে। উল্লেখযোগ্য যে, পূৰ্বেও তিনিবাৰকৈ এইজন চৰিত্ৰহীন ব্যক্তিয়ে নাবালিকাগৰাকীৰ শ্লীলতা হানিৰ চেষ্টা চলাইছিল বুলি এজাহাৰত উল্লেখ কৰি কিশোৰী গৰাকী জীৱনৰ নিৰাপত্তাহীনতাত ভোগা বুলি এজাহাৰত উল্লেখ কৰিছে অভিভাৱকে।
এই সন্দৰ্ভত ঘিলামৰা থানাত এক গোচৰ ৰুজু কৰি ন্যায় বিচাৰ কামনা কৰিছে ভুক্তভোগীৰ পৰিয়ালে । ঘিলামৰা আৰক্ষীয়ে সোমবাৰে সন্ধিয়া এক গোচৰ পঞ্জীয়ন কৰি অভিযুক্ত ধুৰন্ধৰ ব্যক্তিজনক গ্ৰেপ্তাৰ কৰাৰ লগতে তদন্ত আৰম্ভ কৰিছে।
ইফালে, ঘিলামৰা থানাৰ এগৰাকী লেন্সনায়ক (ইউ বি) প্ৰবীণ পেগুৱে এই স্পৰ্শকাতৰ ঘটনা সন্দৰ্ভত অভিযুক্তৰ পক্ষলৈ ব্যক্তিজনক সুৰক্ষা দিবলৈ নিৰ্লজ প্ৰয়াস কৰাৰ অভিযোগ উঠিছে। এই সন্দৰ্ভত থানাত এজাহাৰ দিয়াৰ পিছত উভয় পক্ষক থানালৈ মাতি আনি শীর্ষ বিষয়াৰ অনুপস্থিতিত নিজে আগভাগ লৈ অভিযোগৰ আপোচ মীমাংসা কৰাৰ বাবে হেঁচা প্ৰয়োগ কৰিছিল। আনকি থানাৰ পৰা এজাহাৰ নোহোৱা কৰি অভিযুক্তক ঘৰলৈ পঠিয়াই দিছিল। পাছত দায়িত্বপ্ৰাপ্ত শীর্ষ আৰক্ষী বিষয়া অনুপম চেতিয়াৰ এই সন্দৰ্ভত অৱগত হোৱাত বিষয়াজনৰ ধমকত পুনৰ সন্ধিয়া উভয় পক্ষক থানালৈ মাতি অনাৰ পাছত আৰক্ষী বিষয়াৰ হস্তক্ষেপত গোচৰ পঞ্জীয়ন কৰা হয় ।
উল্লেখযোগ্য যে ঘিলামৰা থানাত নিযুক্ত হোৱাৰ পাছৰে পৰা গোচৰীয়া পদকীয়াৰ লগতে ক্ষমতাৰ অপপ্ৰয়োগ কৰি বিভিন্ন পক্ষৰ পৰা মুনাফা লুটি অহা সীমাহীন অভিযোগ এইগৰাকী লেন্সনায়ক (এল চি) পেগুৰ বিৰুদ্ধে ঘিলামৰাবাসীৰ মুখে মুখে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us