এখন তামোলৰ বাবেই ঘিলামৰাত প্ৰাণ গ'ল এজনৰ...

সামান্য কাৰণত গধুৰ সামগ্ৰী আৰু চোকা অস্ত্ৰৰে উপৰ্যুপৰি প্ৰহাৰ কৰাৰ ফলত দেবানন্দ গগৈয়ে মূৰত প্ৰচণ্ড আঘাট পাই আৰু প্ৰচুৰ ৰক্তক্ষৰণ হৈ মৃত্যু ঘটে বুলি পৰিয়ালৰ তৰফৰ পৰা জনোৱা হৈছে।

author-image
Asomiya Pratidin
New Update
FREYYTIYSCSDF

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ এখন তামোলৰ বাবেই ঢকুৱাখনা সমজিলাৰ ঘিলামৰাত প্ৰাণ গল এজনৰ। ঘিলামৰা থানাৰ অন্তৰ্গত দীঘলী চৌখাম গাঁওৰ দেবানন্দ গগৈ (৪৫)য়ে বিগত ৭ ছেপ্টেম্বৰৰ নিশা প্ৰায় ৯-৩০ বজাত সমীপৰে প্ৰাণজিত গগৈৰ ঘৰত উপস্থিত হৈ বটাত থকা এখন তামোল খাই আৰু এখন ঘৰলৈ আনে। এই কথা গম পাই প্ৰাণজিত গগৈয়ে উন্নাসিক হৈ নিৰীহ দেবানন্দ গগৈৰ ওপৰত প্ৰাণনাশী আক্ৰমণ চলায়।

এই বৰ্বৰ আক্ৰমণত গুৰুতৰভাৱে জখম হোৱা দেবানন্দ গগৈক ঘিলামৰা সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰাৰ পাছত ডিব্ৰুগড়লৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয়। বিগত কেইবাটাও দিন চিকিৎসা কৰাৰ পাছত মুমূৰ্ষু ব্যক্তিজনক নিজা ঘৰলৈ অনা হয় যদিও আজি  বিয়লি প্ৰায় ৩-১৫ বজাত ব্যক্তি জনৰ মৃত্যু ঘটে।

উল্লেখযোগ্য যে, সামান্য কাৰণত গধুৰ সামগ্ৰী আৰু চোকা অস্ত্ৰৰে উপৰ্যুপৰি প্ৰহাৰ কৰাৰ ফলত দেবানন্দ গগৈয়ে মূৰত প্ৰচণ্ড আঘাট পাই আৰু প্ৰচুৰ ৰক্তক্ষৰণ হৈ মৃত্যু ঘটে বুলি পৰিয়ালৰ তৰফৰ পৰা জনোৱা হৈছে। তাৎপৰ্যপূৰ্ণ বিষয় হল হত্যাকাৰী প্ৰাণজিত গগৈক পৰিয়ালৰ অভিযোগ আৰু প্ৰত্যক্ষদৰ্শীৰ ভাষ্যৰ ভিত্তিত ঘিলামৰা আৰক্ষীয়ে আটক কৰি ৪দিন ৰাখি পৰৱৰ্তী সময়ত ঘৰলৈ যাবলৈ সুবিধা কৰি দিয়ে। ঘিলামৰা আৰক্ষীৰ এনে দায়িত্বহীন ভূমিকাকলৈ  ৰাইজ বিতুষ্ট। এই ক্ষেত্ৰত অভিযুক্ত পক্ষৰ সৈতে গোপন বুজাবুজি কৰা বুলি সৰ্বত্ৰতে চর্চা চলিছে। ঘটনাৰ প্ৰত্যক্ষদৰ্শী গঞা বিমান গগৈ, লক্ষী গোহাঁই আদিয়ে পৰিয়ালক জনোৱা মতে সামান্য কথাতে উত্তেজিত হৈ উন্মত্ত যুৱকজনে ইচ্ছাকৃতভাৱে নিৰীহ ব্যক্তিজনক আক্ৰমণ কৰিছিল।

গাঁওখনৰ এগৰাকী নিৰীহ ব্যক্তিক প্ৰাণনাশী আক্ৰমণ কৰাৰ পাছত অকাল মৃত্যুক সাৱটি লোৱা মৰ্মান্তিক ঘটনাৰ মূল অভিযুক্ত হত্যাকাৰী প্ৰাণজিত গগৈয়ে ইতিমধ্যে ঘিলামৰা আৰক্ষীৰ ওচৰত আত্মসমৰ্পন কৰে। সম্প্ৰতি ঘিলামৰা আৰক্ষীৰ জিম্মাত আছে হত্যাকাণ্ডত অভিযুক্ত ব্যক্তিজন।

ইফালে, এগৰাকী নিৰীহক বিনা কাৰণত নিৰ্মম ভাবে প্ৰহাৰ কৰি হত্যা কৰা কাৰ্যক একেমুখে গৰিহণা দি হত্যাকাৰীক উচিত বিচাৰ কৰি কঠোৰ শাস্তি প্ৰদানৰ দাবীৰে মঙলবাৰে সন্ধিয়া ৬-২৫ বজাত দীঘলী চৌখাম গাঁওৰ ৰাইজ ঘিলামৰা থানাত উপস্থিত হয় । গাঁওখনৰ নিৰ্জু অমায়িক ব্যক্তিজনক বৰ্বৰ ভাবে প্ৰহাৰ কৰি অপমৃত্যুক সাবটিবলৈ বাধ্য কৰোৱা এই অমানৱীয় কাণ্ডৰ সন্দৰ্ভত ঘিলামৰা থানাত পুনৰ গোচৰ ৰুজু কৰিছে।

ঢকুৱাখনা আৰক্ষী ঢকুৱাখনা