ঘিলামৰাত বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ চাউল হৰলুকী

এখন শিক্ষানুষ্ঠানৰ কণ কণ শিক্ষাৰ্থীৰ ক্ষুধা পূৰাবলৈ চৰকাৰী ভাবে আৱন্তিত চাউলত শেন চকু পৰিল অসৎ চক্ৰৰ । তাৰ পৰিণতিত বিদ্যালয়ৰ গুদাম ঘৰৰ পৰা কৌশলেৰে হৰলুকী কৰি উদৰস্থ কৰিলে প্ৰায় ৫০ কিলোগ্ৰাম চাউল । ঘটনাৰ স্থান ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত গন্ধিয়া এম ভি স্কুল ।

author-image
Asomiya Pratidin
New Update
new ap web 7 (8)

ডিজিটেল সংবাদ,ঢকুৱাখনাঃ  এখন শিক্ষানুষ্ঠানৰ কণ কণ শিক্ষাৰ্থীৰ ক্ষুধা পূৰাবলৈ চৰকাৰী ভাবে আৱন্তিত চাউলত শেন চকু পৰিল অসৎ চক্ৰৰ । তাৰ পৰিণতিত বিদ্যালয়ৰ গুদাম ঘৰৰ পৰা কৌশলেৰে হৰলুকী কৰি উদৰস্থ কৰিলে প্ৰায় ৫০ কিলোগ্ৰাম চাউল । ঘটনাৰ স্থান ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত গন্ধিয়া এম ভি স্কুল । 

উল্লেখ্য যে ঢকুৱাখনা শিক্ষা খণ্ডৰ অধীনস্থ এখন চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ পৰা প্ৰায় ৫০ কিলোগ্ৰাম চাউলৰ এটা বেগ হৰলুকী হোৱাৰ তথ্য পোহৰলৈ আহিছে । তথ্য মতে বিদ্যালয়খনৰ মধ্যাহ্ন ভোজনৰ চাউল মজুত ৰখা গুদামত পূৰ্বৰ দৰে যোৱা ১২নৱেম্বৰত একে শিতানৰ আবন্তিত প্ৰায় ৮বেগ চাউল নতুনকৈ মজুত ৰাখিছিল । 

আনফালে অতি তাৎপৰ্যপূৰ্ণ ভাবে বিদ্যালয়খনৰ পূৰ্বৰ সময়ৰ ৰাহি হৈ মজুত থকা প্ৰায় ৩ ৰ পৰা ৫ বেগ চাউলৰ এক বেগ চাউল কমকৈ উপলব্ধ হয় । এই সন্দৰ্ভত বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ জ্ঞাত হোৱাত শনিবাৰে এই চৰকাৰী আঁচনিৰ চাউল হৰলুকী কৰা  কাৰ্যৰ বিৰুদ্ধে ঘিলামৰা আৰক্ষী থানাত এক গোচৰ ৰুজু কৰা হয় । গন্ধিয়া গাঁওৰক্ষী বাহিনীৰ সভাপতি টিলেশ্বৰ চুতীয়াৰ লগতে অন্যান্য ৰাইজৰ উপস্থিতিত সমগ্ৰ বিষয়টো পৰ্যবেক্ষণ কৰি বিদ্যালয়  পৰিচালনা সমিতিৰ সভাপতি বসন্ত ফুকনে চৰকাৰী সম্পত্তি চুৰি হোৱা ঘটনা সন্দৰ্ভত ঘিলামৰা থানাত এক এজাহাৰ দাখিল কৰিছিল  । 

প্ৰাণিধানযোগ্য যে ঘিলামৰা আৰক্ষীক এই অভিযোগ দাখিলৰ  কৰাৰ পাছতে চাউল চুৰিৰ ঘটনা পোহৰলৈ আহিল । উক্ত চাউলৰ বেগটো বিদ্যালয়ৰ প্ৰধান শিক্ষক নৱজিত গগৈয়ে ভক্ষণৰ বাবে ঘৰলৈ অনাতো স্বীকাৰ কৰিছে । বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিলৈ ফোন কৰি এই দুষ্কাৰ্য অকপতে স্বীকাৰ কৰি প্ৰধান শিক্ষক গগৈয়ে পুনৰ চাউলৰ বেগটো শীঘ্ৰে  উভতাই বিদ্যালয়ত জমা দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ।  

আনফালে ঘিলামৰা আৰক্ষীৰ তদন্তত এই কথা পোহৰলৈ আহে । উল্লেখযোগ্য যে প্ৰধান শিক্ষক গগৈৰ বিৰুদ্ধে বিদ্যালয়ৰ ছিলিণ্ডাৰ হস্কতগত কৰাৰো অভিযোগ সকলোৰে মুখে মুখে ।

ঘিলামৰা