ঐতিহাসিক ঘিলাধাৰী প্ৰাইজমানী ফুটবল খেল প্ৰতিযোগিতাত বৰাজুলী চেম্পিয়ন

১৯৩৭ চনৰ ১৫ আগষ্ট তাৰিখে ভাৰতবৰ্ষই ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ পৰা স্বাধীনতা লাভ কৰাৰ পিছৰে পৰা বিশ্বনাথৰ ঘিলাধাৰীবাসী ৰাইজে উৎফুল্লিত হৈ এক ফুটবল খেল অনুষ্ঠিত কৰি আহিছে৷

author-image
Tushar Pratim
New Update
ঐতিহাসিক ঘিলাধাৰী প্ৰাইজমানী ফুটবল খেল প্ৰতিযোগিতাত বৰাজুলী চেম্পিয়ন

ডিজিটেল সংবাদ বিহালীঃ ১৯৩৭ চনৰ ১৫ আগষ্ট তাৰিখে ভাৰতবৰ্ষই ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ পৰা স্বাধীনতা লাভ কৰাৰ পিছৰে পৰা বিশ্বনাথৰ ঘিলাধাৰীবাসী ৰাইজে উৎফুল্লিত হৈ এক ফুটবল খেল অনুষ্ঠিত কৰি আহিছে৷ দেশে স্বাধীনতা লাভ কৰা সময়ৰ পৰা ধাৰাবাহিকভাৱে বিশ্বনাথৰ ঘিলাধাৰী ৬ নং বাসী শ্ৰমিক ৰাইজে প্ৰতি বছৰে স্বাধীনতা দিনটোৰ সৈতে সংগতি ৰাখি অঞ্চলটোত এখন ফুটবল খেল অনুষ্ঠিত কৰে।

বিগত বৰ্ষৰ দৰে এইবাৰো ৭৯ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে যোৱা ১৫ আগষ্টৰ পৰা এই প্ৰতিযোগিতাখন আৰম্ভ হয়। প্ৰাইজমানী এই ফুটবল প্ৰতিযোগিতাখনত কেইবাটাও দলে অংশগ্ৰহণ কৰে। 

প্ৰতিযোগিতাৰ চূড়ান্ত খেলখনত নগাঁৱৰ চালনা দল আৰু বিশ্বনাথৰ বৰাজুলী ফুটবল দল মুখামুখি হয়। চূড়ান্ত খেলখনত প্ৰথম ৰাউণ্ডত নগাওঁ চালনা ফুটবল দলে এক গ'লৰ ব্যৱধানত বৰাজুলী ফুটবল দলক পৰাভূত কৰে৷ দ্বিতীয় ৰাউণ্ডত বৰাজুলী ফুটবল দলে নগাওঁ চালনা ফুটবল দলক এক গ’ল দি সমতা স্থাপন কৰিবলৈ সক্ষম হয়৷ 

পৰবৰ্তী সময়ত দুয়ো দলৰ মাজত অনুষ্ঠিত ট্ৰাইবেকাৰত ৩-১ গ’লৰ ব্যৱধানত বিজয় সাব্যস্ত কৰে বিশ্বনাথ জিলাৰ বৰাজুলী ফুটবল দলে৷ উল্লেখ্য যে ঐতিহাসিক এই প্ৰতিযোগিতাখন মুকলি কৰে বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে৷

ইফালে ক্ৰীড়ানুৰাগী কৰ্ণপান তাঁতিয়ে আঁত ধৰা বঁটা বিতৰণী সভাত বৰাজুলী দলক ট্ৰফীসহ নগদ ৩৫ হাজাৰ টকাৰ চেক প্ৰদান কৰা হয়৷ ৰাণাৰ্ছ আপ নগাওঁ চালনা  ফুটবল দলক ট্ৰফীসহ নগদ ১৫ হাজাৰ টকাৰ চেক প্ৰদান কৰা হয়৷ 

খেলখন শুভাৰম্ভণি অনুষ্ঠান আৰু বিৰতিৰ সময়ত ঝুমইৰ নৃত্যও প্ৰদৰ্শণ কৰে স্থানীয় শিল্পীৰ দলে৷ বঁটা বিতৰণী অনুষ্ঠানত বিশিষ্ট উদ্যোগী দিব্যজ্যোতি বৰুৱা,  শিক্ষক  শত্ৰুঘ্ন নাগ,  বিশিষ্ট সমাজসেৱক প্ৰমোদ বসুমতাৰী, লাচিত পাতৰ, ধীৰেণ ক্ৰামছা,  প্ৰতীম পানতাঁতি,  জিতু হাজৰিকাকে ধৰি কেইবাগৰাকী গণ্য মান্য বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷

বিহালী ফুটবল