/asomiyapratidin/media/media_files/2025/12/11/gdhsgdhsgdhsgds-2025-12-11-14-59-16.jpg)
ডিজিটেল সংবাদ, বাক্সাঃ ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিটিচিৰ ৰাজনীতিত নতুন মোৰ লোৱা দেখিবলৈ পোৱা গৈছে। প্ৰাক্তন সাংসদ নৱ কুমাৰ শৰণীয়া নেতৃত্বাধীন গণ সুৰক্ষা পাৰ্টীত হৈছে খহনীয়া। বিটিচিৰ দুবাৰৰ পাৰিষদ ঘনশ্যাম দাস সহিতে প্ৰায় শতাধিক দলীয় নেতা-কৰ্মীয়ে আজি আনুষ্ঠানিকভাৱে কৰিলে দলত্যাগ।
উল্লেখযোগ্য যে, ঘনশ্যাম দাস দুবাৰৰ পাৰিষদ হোৱাৰ উপৰিও আছিল দলটোৰ উপ-সভাপতি আৰু মুখ্য পৃষ্ঠপোষক আছিল। আজি গণ সুৰক্ষা পাৰ্টীৰ প্ৰাথমিক সদস্য পদো ত্যাগ কৰিলে নেতাজনে।
ইয়াৰ পাছতে বাক্সাৰ আহোপাত সংবাদমেল সম্বোধন কৰি নৱ কুমাৰ শৰণীয়া সন্দৰ্ভত ক্ষোভ উজাৰিলে ঘনশ্যাম দাসে। নেতাগৰাকীৰ লগতে আজি দলত্যাগ কৰিলে যুৱ মৰ্চা, মহিলা মৰ্চাৰ উপৰি কেবাখনো আঞ্চলিক সমিতিয়ে। দলত্যাগ সন্দৰ্ভত গণ সুৰক্ষা পাৰ্টী আৰু নৱ কুমাৰ শৰণীয়াই কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেইয়া হব লক্ষণীয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us