/asomiyapratidin/media/media_files/2026/01/31/ghagraparapressclubbbnews-2026-01-31-16-25-59.jpg)
ডিজিটেল সংবাদ, নলবাৰীঃ ঘগ্ৰাপাৰ প্ৰেছ ক্লাৱৰ বাৰ্ষিক অধিৱেশনৰ লগতে অনুষ্ঠিত হয় বঁটা প্ৰদান অনুষ্ঠান আৰু গ্ৰন্থ উন্মোচনী সভা। বিশিষ্ট সাংবাদিক নৰেশ কলিতালৈ "অমূল্য কলিতা সাংবাদিক বঁটা" আৰু বিশিষ্ট চিকিৎসক ডাঃ দিলীপ কলিতালৈ “ঘগ্ৰাপাৰ গৌৰৱ বঁটা" প্ৰদান কৰা হয়।
"ইতিবাচক চিন্তা আৰু ইতিবাচক পদক্ষেপ অবিহনে সংবাদ ক্ষেত্রখনে সমাজৰ হিতৰ কাৰণে কোনো কাম কৰিব নোৱাৰে।"- এই মন্তব্য জ্যেষ্ঠ সাংবাদিক নৰেশ কলিতাৰ। নলবাৰী জিলাৰ ঘগ্ৰাপাৰ শ্ৰীশ্ৰী হৰি মন্দিৰ প্ৰাংগনত ঘগ্ৰাপাৰ প্ৰেছ ক্লাৱৰ বাৰ্ষিক অধিৱেশন, বঁটা প্ৰদান অনুষ্ঠান আৰু গ্ৰন্থ উন্মোচনী সভাত অমূল্য কলিতা সাংবাদিক বঁটা গ্ৰহণ কৰি সাংবাদিক কলিতাই সংবাদ জগতখনৰ ৩৩ বছৰৰ অভিজ্ঞতাৰ বিষয়ে কয়।
আনহাতে, কামিনী তালুকদাৰ “ঘগ্ৰাপাৰ গৌৰৱ বঁটা“ গ্ৰহণ কৰি ঘগ্ৰাপাৰৰ সু-সন্তান জ্যেষ্ঠ চিকিৎসক ডাঃ দিলীপ কলিতাই কয়- ‘মই ঘগ্ৰাপাৰক লৈ গৌৰৱ কৰোঁ। আজি মোক ঘগ্ৰাপাৰ গৌৰৱ বঁটা প্ৰদান কৰাত মৰম আৰু আশীৰ্বাদ হিচাপে গ্ৰহণ কৰি আনন্দিত হৈছোঁ।’
শনিবাৰৰ এই দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ঘগ্ৰাপাৰ প্ৰেছ ক্লাৱৰ বাৰ্ষিক অধিৱেশনত পুৱা প্ৰেছ ক্লাৱৰ পতাকা উত্তোলন, সতীৰ্থ সাংবাদিক সকললৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, শ্বহীদ তৰ্পণ, মাল্যাৰ্পণ আদি কাৰ্যসূচী অনুষ্ঠিত হয়। ইয়াৰ পিছত প্ৰেছ ক্লাৱৰ বাৰ্ষিক অধিৱেশনৰ মুকলি সভা অনুষ্ঠিত হয়।
ঘগ্ৰাপাৰ প্ৰেছ ক্লাৱৰ সম্পাদক ৰাতুল ডেকাই আঁত ধৰা সভাখনত সভাপতিত্ব কৰে ঘগ্ৰাপাৰ প্ৰেছ ক্লাৱৰ সভাপতি ফাইজুৰ ৰহমানে। ইয়াৰ পিছত বিশিষ্ট সাংবাদিক নৰেশ কলিতালৈ "অমূল্য কলিতা সাংবাদিক বঁটা" আৰু বিশিষ্ট চিকিৎসক ডাঃ দিলীপ কলিতালৈ "কামিনী তালুকদাৰ ঘগ্ৰাপাৰ গৌৰৱ বঁটা" প্ৰদান কৰা হয়।
ইয়াৰ পাছত অমূল্য কলিতা সোঁৱৰণী গ্ৰন্থ উন্মোচন কৰে জ্যেষ্ঠ সাংবাদিক ব্ৰজেন তালুকদাৰে। সভাখনত কেবাগৰাকী ৰাজনৈতিক নেতা, বহু কেইগৰাকী সাংবাদিক আৰু প্ৰেছ ক্লাৱৰ বিষয়ববীয়া উপস্থিত থাকে। সন্ধিয়া অনুষ্ঠিত বিষয় বাচনি সভাত প্ৰেছ ক্লাৱৰ নতুন সমিতিখন গঠন কৰা হয়।
ৰাতুল চন্দ্ৰ ডেকাক সভাপতি, কাৰ্যকৰী সভাপতি হামিদ আলী আৰু জগত তালুকদাৰ, দ্বিজেন ডেকা আৰু ত্ৰিদিপ কলিতাক যুটীয়াভাৱে সম্পাদক হিচাপে লৈ ঘগ্ৰাপাৰ প্ৰেছ ক্লাৱৰ এখন ১৭জনীয়া সমিতি গঠন কৰা হয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us