/asomiyapratidin/media/media_files/2025/10/24/ujjjjdd-2025-10-24-18-38-01.jpg)
ডিজিটেল ডেস্কঃ প্ৰতিবাদ আৰু বিৰোধিতাৰ পাছতো টাৰ্বাইন ঘূৰিল গেৰুকামুখত। বৃহৎ নদীবান্ধ নিৰ্মাণ কৰি বিজুলী উৎপাদনৰ লক্ষ্যত উপনীত হ’ল NHPC। ২২ বছৰৰ মুৰত সোৱণশিৰিৰ বুকুত ভেটা দি বিজুলী উৎপাদন কৰিলে NHPCএ।
NHPC ৰ CMD ভূপেন্দ্ৰৰ গুপ্তাাৰ উপস্থিতিত ২০০০ মেগাৱাট জলবিদ্যুত উৎপাদনক্ষম বান্ধটোৰ পৰা শুকুৰবাৰে প্ৰথম ইউনিটতত এটা টাৰ্বাইন চলাই ২৫০ মেগাৱাট বিজুলী উৎপাদনৰ পৰীক্ষণ সম্পূৰ্ণ কৰে ।
উল্লেখযোগ্য যে উত্তৰ অসমবাসীৰ জীৱন জীৱিকাৰ প্ৰতি ভাবুকিক সৃষ্টি কৰা ভয়ংকৰ জলবোমা ৰূপে পৰিগণিত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প। গেৰুকামুখত নির্মীয়মান এই বৃহৎ জলবিদ্যুৎ প্ৰকল্পটোৰ পাৰ্শ্বক্ৰিয়াই নামনি অংশত বসবাস কৰি অহা নাগৰিকক বছৰ বছৰ ধৰি জীয়া যন্ত্ৰণা ভোগাই আহিছে।
পৰিৱেশবিদ তথা বিভিন্ন দল-সংগঠনৰ বিৰোধিতা সত্ত্বেও নিৰ্মাণৰ কাম বন্ধ নকৰা নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পত নিৰ্মাণৰ সময়ৰে পৰাই বিভিন্ন দুৰ্যোগ সংঘটিত হৈ আহিছে। সময়ে সময়ে এই জলবিদ্যুৎ প্ৰকল্পৰ ভয়াৱহতা স্পষ্ট কৰি আহিছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত ঘটা দুৰ্ঘটনাই।
পিছে এই সমূহ বিষয়ক উফৰাই সোৱণশিৰিৰ বুকুত ভেটা দি অৱশেষত বিজুলী উৎপাদনৰ লক্ষ্যত উপনীত হ’ল NHPC। ইয়াৰ পিছতে এতিয়া ৰাজ্যত ইয়াক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/29/2025-10-29t120314854z-logo-ap-2025-10-29-17-33-15.png)
Follow Us