/asomiyapratidin/media/media_files/2026/01/13/626-2026-01-13-08-45-19.jpg)
ডিজিটেল ডেস্ক : তাই সাইলাখ মানুহৰ দৰে আছিল ! গণিতত আছিল পাৰ্গত। একেদৰে ছবিও আঁকিব পাৰিছিল সুন্দৰকৈ। বোধজ্ঞান আছিল প্ৰচুৰ।
তাই আন কোনো নহয়, তাই আছিল এটা চিম্পাঞ্জী। মাইকী চিম্পাঞ্জীটোৰ নাম হ’ল- আই। ছবি আঁকিব পৰা আৰু অংক কৰিব পৰা দক্ষতাসম্পন্ন আই আৰু নাই। ৯ জানুৱাৰীত বাৰ্ধক্যজনিত কাৰণত মৃত্যু হোৱা বুলি কিয়টো বিশ্ববিদ্যালয়ৰ সূত্ৰই প্ৰকাশ কৰিছে। মৃত্যুৰ সময়ত আইৰ বয়স হৈছিল ৪৯ বছৰ।
উল্লেখযোগ্য যে, ১৯৭৭ চনত জাপানলৈ অনা হৈছিল আইক। আইৰ ২০০০ চনত এটা পোৱালিও হৈছিল। মৃত্যুৰ আগলৈ চিম্পাঞ্জীটো ৰাজধানী টকিঅ’ৰ জাপানীজ ইনষ্টিটিউত ৰখা হৈছিল।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us