পানীৰ সোঁতে খহাই নিলে গেলাজানৰ সংযোগী পকী দলঙৰ পাৰ...

পানীৰ সোঁতে খহাই নিলে গেলাজানৰ সংযোগী পকী দলঙৰ পাৰ...

author-image
Asomiya Pratidin
New Update
পানীৰ সোঁতে খহাই নিলে গেলাজানৰ সংযোগী পকী দলঙৰ পাৰ...

ডিজিটেল সংবাদ,সৰুপখাৰঃ বিপদত পৰিছে সৰুপথাৰ সমষ্টিৰ অন্তৰ্গত ২নং ৰজাপুখুৰী গেলাজানবাসী। পানীৰ সোঁতে খহাই নিলে অঞ্চলটোৰ সংযোগী পকী দলঙৰ পাৰ। নিশা হোৱা এজাক মুষালধাৰ বৰষুণৰ ফলত গেলাজানৰ জলপৃষ্ঠ বৃদ্ধি হয়।জানখনৰ পানী সোঁতে খহায় নিয়ে দলংখনৰ লগত সংযোগ হৈ থকা পথটো।ফলস্বৰূপে সমীপত থকা অংগনবাদী কেন্দ্ৰ,গেলাজান প্ৰাথমিক বিদ্যালয়লৈ যাতায়ত কৰিবলৈ অসুবিধাৰ সন্মুখীন হ'ব ছাত্ৰ-ছাত্ৰীসকল।

Advertisment

লগতে অঞ্চলটোৰ গেলাজান, দেৰাগাঁও,দিলজান,কাঠনি, নিউ কাঠনি, ছাৰিঘৰীয়া, বজালবাৰী শ্যাম গাঁও আদিকে ধৰি কেইবাখনো গাঁৱৰ লোকৰ যাতায়ত বিচ্ছিন্ন হৈ পৰিছে।

তৎকালীন ভাৱে ব্যৱস্থা গ্ৰহণ নকৰিলে পথটো অধিক খহি যোৱাৰ সম্ভাৱনা আছে।সেয়েহে সৰুপথাৰ সমষ্টিৰ বিধায়ক তথা ধনশিৰি মহকুমা প্ৰশাসনক উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে স্থানীয় লোকে।

Also Read: জনছনছ বেবী পাউদাৰ নেচাৰেলেৰে এইবাৰ গ্ৰীষ্মত নিজৰ শিশুটিক সুৰক্ষিত কৰক

gelajaan